তাল, খোল, শংখ, ঘন্টা, আয়তীৰ উৰুলি, কৃষ্ণনামৰ হৰিধ্বনিৰে মুখৰিত দৌলাশাল আদি থান সত্ৰ, VIDEO

তাল, খোল, শংখ, ঘন্টা, আয়তীৰ উৰুলি, কৃষ্ণনামৰ হৰিধ্বনিৰে মুখৰিত দৌলাশাল আদি থান সত্ৰ, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ অগনণ ভকত-বৈষ্ণৱ- আয়তীৰ আগমনত উদুলি-মুদুলি হ'ল নলবাৰী জিলাৰ দৌলাশাল। হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ কৃষ্ণনামৰ অমল হৰিধ্বনিৰে মুখৰিত হয় দৌলাশালৰ আকাশ-বতাহ। অসম সত্ৰ মহাসভাৰ অন্তৰ্গত দৌলাশালৰ শ্ৰী শ্ৰী কানাই ব'লাই আদি থান সত্ৰত দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে অখণ্ড ভাগৱত পাঠ আৰু ধৰ্মসভা।

পৱিত্ৰ ভাদ মাহৰ পূৰ্ণিমা তিথি উপলক্ষ্যে আয়োজিত বিংশতিতম সংখ্যক ভাগৱত পাঠৰ শুকুৰবাৰ অৰ্থাৎ প্ৰথমদিনা ভাগৱত লৈ এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। পুৱা ধৰ্মধ্বজা উত্তোলন কৰি তিনিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে। বন্তি প্ৰজ্বলন কৰে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন বৰ্মনে।

বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে উন্নতি সাধিনী সভাৰ উপ সভাপতি অনিল নাথ আৰু সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক কামিনী নাথে। তাৰ পাছতে খোল, তাল, দবা, শংখ, কাঁহৰ ধ্বনি আৰু আয়তীৰ উৰুলিৰ মাজতে ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সহঃ অধিনায়ক অৰ্চনা দে'য়ে।

কিনকিনীয়া বৰষুণৰ মাজতো আইসকলৰ দিহা নাম, ভকতৰ সংকীৰ্ত্তন, বেণ্ডপাৰ্টি, ভক্তিমূলক গীতমাতেৰে শুকুৰবাৰে সমগ্ৰ দৌলাশাল অঞ্চল ভক্তিৰসত বুৰ গৈ থাকে। প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ ভকত-বৈষ্ণৱেৰে সুশোভিত শোভাযাত্ৰাত ভাগৱত বহন কৰে বিশিষ্ট ভকত ভগৱান বৰ্মনে। ভাগৱত বৰণ কৰে সত্ৰখনৰ ভকত উমেশ ডেকাই আৰু সহায়ক হিচাপে থাকে অনিল চৌধুৰী, অৰ্জুন বৰুৱাই।

প্ৰায় আঠ-দহ কিলোমিটাৰ ভাগৱত লৈ শোভাযাত্ৰা কৰাৰ অন্তত বিয়লি ৩ বজাত অখণ্ড ভাগৱত পাঠৰ শুভাৰম্ভ কৰে শ্ৰী শ্ৰী কানাই ব'লাই আদি থান সত্ৰৰ সত্ৰাধিকাৰ বাণীকান্ত দেৱ গোস্বামীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা আৰু বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বিৰ দি বাট নোপোৱা হয় কানাই ব'লাই আদি থান সত্ৰ।

এক নান্দনিক পৰিৱেশ দৌলাশাল সত্ৰত। উল্লেখ্য যে, শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা ভাগৱত পাঠ অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঠকে একাদিক্ৰমে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিব আৰু ১৫ ছেপ্টেম্বৰৰ আবেলি সামৰণি পৰিব। সেইদিনা বিয়লি এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হোৱাৰ লগতে নিশা নাগাৰা নাম পৰিৱেশন হ'ব বুলি জানিবলৈ দিয়ে উন্নতি সাধিনী সভাৰ সম্পাদক চন্দ্ৰকান্ত বৈশ্যই। ধৰ্মসভাত উপস্থিত থাকিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ট শৰ্মাৰ লগতে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত আৰু কেইবাগৰাকী বিশিষ্ট লোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in