দ্বিশতাধিক অশীতিপৰ লোকক সম্বৰ্ধনা দৌলাশাল সভা মহোৎসৱত

দ্বিশতাধিক অশীতিপৰ লোকক সম্বৰ্ধনা দৌলাশাল সভা মহোৎসৱত

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশাল শ্ৰীশ্ৰী কানাই ব'লাই সভা মহোৎসৱত সোমবাৰে জ্যেষ্ঠ নাগৰিকৰে অন্তৰংগ আলাপ শীৰ্ষক মনোজ্ঞ আৰু ৰসাল অনুষ্ঠান এটিয়ে সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিছে। সভা মহোৎসৱৰ ৰভাস্থলী সোমবাৰে দ্বি-শতাধিক অশীতিপৰ বৃদ্ধ-বৃদ্ধাৰ আগমনে পুণ্যাশ্ৰমলৈ পৰ্যবসিত হয়। দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা এই ব্যতিক্ৰমী অনুষ্ঠানটো সঞ্চালনা কৰে নলবাৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ চিত্তৰঞ্জন পাঠকে।

দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি অকণ চন্দ্ৰ চৌধুৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ফুকন নাথে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বহৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সোণেশ্বৰ দাস, দৌলাশাল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ কুমুদ বণিয়া, বহৰি সত্ৰৰ মজুমদাৰ খগেন্দ্ৰ নাথ পাঠক, অসম গেছ ভিত্তিক বিদ্যুৎ প্ৰকল্পৰ জ্যেষ্ঠ প্ৰবন্ধক দীনবন্ধু বৈশ্যকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক।

স্থানীয় সাংবাদিক লীলাধৰ পাঠকে আঁত ধৰা অনুষ্ঠনটোত ৭০ ৰ পৰা ৯৫ বছৰ বয়সৰ দ্বিশতাধিক জ্যেষ্ঠ পুৰুষ-মহিলাক সম্বৰ্ধনা জনোৱা হয়।৯৫ বছৰ বয়সীয়া ৰহিলা চৌধুৰী, ৯৩ বছৰ বয়সীয়া উপেন্দ্ৰ বৰ্মন, ৮৫বছৰীয়া মহেশ্বৰ বৰ্মন, তৰণী বৰ্মন, ৮১ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ব্ৰজবালা পাঠক আদি কেইবাগৰাকী আশীৰ উৰ্ধৰ লোকে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ লগতে নতুন প্ৰজন্মৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়। কেইবাগৰাকীয়ে আকৌ অতীত ৰোমান্থন কৰি আৱেগিক হৈ পৰে।

আনন্দৰ মাজতে অতীতক সুঁৱৰি বহুতৰে চকুলো নিগৰা দেখিবলৈ পোৱা যায়। সঞ্চালক ডাঃ চিত্তৰঞ্জন পাঠকে দৌলাশাল সমাজ-জীৱনৰ লগত জড়িত থাকি লাভ কৰা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য সম্পৰ্কত পৰামৰ্শ আগবঢ়ায়। বিনোদ বৰ্মনে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে দ্বিশতাধিক জ্যেষ্ঠ নাগৰিকে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in