নামনি অসমত জাতীয় পৰিসদৰ প্ৰভাৱ স্বীকাৰ কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ…

নামনি অসমত জাতীয় পৰিসদৰ প্ৰভাৱ স্বীকাৰ কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ…

জিজিটেল সংবাদ, দৰং/ওডালগুৰিঃ উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰে আগন্তুক এবছৰত কমেও ২০ হাজাৰ খাদ্য প্ৰকৰণ উদ্যোগ গঢ়ি তুলিব। কেৱল অসমেই লাভ কৰিব ১৩ হাজাৰ এনে উদ্যোগ। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত ২ লাখ খাদ্য প্ৰকৰণ উদ্যোগ স্হাপনৰ যি লক্ষ্য বান্ধি লৈছে তাৰ দহ শতাংশ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলে পায় আৰু সেই সূত্ৰেই ২০ হাজাৰ উদ্যোগ স্হাপন কৰিব বিজেপি চৰকাৰে। ইতিমধ্যে ডিব্ৰুগড় জিলাই চাহপাত পেকেজিং, লখিমপুৰে গাহৰিৰ মাংস পেকেজিঙৰ দিশত অনুমোদন দিছে।

নামনি অসমৰ অন্যান্য জিলাতো পদক্ষেপ লোৱা হ'ব। মঙলদৈত দুদিনজোৰা অনুসূচীত জাতি মৰ্চাৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভাত ভাগ লৈ দেওবাৰে মঙলদৈ আৱৰ্ত ভৱনৰ এক সংবাদমেলত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। ৰাজ্যিক মন্ত্ৰী তেলীয়ে একে খন সংবাদমেলত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত কেবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সেই অনুসৰি উজনিত বিজেপি দলৰ ফলাফল ভাল হ'ব কিন্তু নামনিত সিমান ভাল নহয়।

উজনিৰ অধিকাংশ চাহবাগানৰ ৰাইজে বিজেপি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিজেপিৰ ফলাফলত সকৰাত্মক ভূমিকা লব। আনহাতে আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে যদিহে দুলীয়াজানত নিৰ্বাচন খেলে তেন্তে পৰাজয় নিশ্চিত বুলি দাবী কৰে তেওঁ। তেওঁ ১৯৯৯ চনতে বিজেপিত যোগদানৰ পাছত ২ বাৰ বিধায়ক আৰু সাংসদ নিৰ্বাচিত হোৱাৰ অভিজ্ঞতা জাহিৰ কৰি কয়, অসম আন্দোলনত তেজ দিম, তেল নিদিম বুলি আন্দোলন হৈছিল। দুলীয়াজানত কেবাজনো ছহীদ হৈছিল। কিন্তু তেনে আবেগ জড়িত পৰিস্হিতিৰ পাছতো কিন্তু ১৯৮৫ চনৰ নিৰ্বাচনত দুলীয়াজানত অগপ জিকিব পৰা নাছিল। গতিকে গগৈ কেনেকৈ জিকিব ? মন্ত্ৰী তেলীয়ে নিৰ্বাচন সন্দৰ্ভত আৰু কয় যে, অসমৰ বহু মানুহে ভাৱি আছে যে উজনিত বিজেপিৰ বহু ক্ষতি হব। কেবাটাও চিটত হাৰিব। কিন্তু সেয়া ভুল। চাহবাগিছা এলেকাত ৰাজ্যৰ বিজেপি চৰকাৰে বহুত কাম কৰিছে। গতিকে চাহ জনজাতিৰ মানুহে বিজেপিক নিবিচাৰিম নেকি ? সংবাদ মেলত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস সহ জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাও উপস্হিত থাকে।

ইপিনে, মঙলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গত অনুস্হিত অনুসূচীত জাতি মৰ্চাৰ অন্তিম দিনা কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণেৰে সামৰণি পৰে। সেই অনুসৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এক আৱক্ষমূৰ্তি অসম সচিবালয়ৰ সমুখত স্হাপনৰ বাবে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সমৰ্থন কৰা প্ৰস্তাৱৰ উপৰিও অনুসূচীত জাতিৰ উন্নয়ণৰ বাবে বছৰি এশ কোটি টকা উন্নয়ণ সমিতিক প্ৰদান কৰা অন্যতম।

ইয়াৰ বাদেও ৩৯ খন অনুসূচীত জাতি মৰ্চাৰ জিলা সমূহে জাতিটোৰ সৰ্বতো প্ৰকাৰ কল্যাণৰ বাবে চৰকাৰে অধিক আচনি আৰু সুবিধা প্ৰদান, ৰাজ্যিক সমিতিৰ প্ৰতিনিধি কেন্দ্ৰীয় অনুসূচীত জাতি কল্যাণ সমিতিলৈ বাচনি কৰা ইত্যাদি অন্যতম। মৰ্চাৰ সভাপতি নাবাৰুণ মেধিয়ে দাবী কৰি কয় যে, অনুসূচীত জাতিৰ নামলৈ যিয়ে ভূৱা প্ৰমাণ পত্ৰ দেখুৱাই সুবিধা লৈ আছে সেই সন্দৰ্ভত কঠোৰ শাস্তিমূলক ব্যৱস্হা চৰকাৰে গ্ৰহণ কৰা সমীচিন। মঙলদৈতে এনে কেবাটাও জালিয়াতিৰ ঘটনা সংঘটিত হোৱাই নহয় দণ্ডাধীশ পৰ্যায়ৰ তদন্তও চলাই প্ৰতিবেদন দাখিল নকৰাৰ দৰে দূৰ্ভাগ্যজনক পৰিস্হিতি উদ্ভৱ হোৱাকলৈ দুখ প্ৰকাশ কৰে। অনুসূচীত জাতিৰ ভূৱা প্ৰমাণ পত্ৰ জাৰি প্ৰক্ৰিয়া কংগ্ৰেছৰ দিনৰে পৰা চলি আহিছে আৰু বিজেপিৰ কাৰ্যকালত কিছু শাম কটা বুলি দাবী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in