চেন্নাইত আৱদ্ধ অসমৰ ৩ নাগৰিক, উদ্ধাৰৰ অনুৰোধ চৰকাৰক… VIDEO

চেন্নাইত আৱদ্ধ অসমৰ ৩ নাগৰিক, উদ্ধাৰৰ অনুৰোধ চৰকাৰক… VIDEO

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ সমগ্ৰ দেশজুৰি লকডাউন হোৱাৰ পাছত দৰঙৰ চেঙেলীয়াঝাৰৰ তিনি গৰাকী লোক আবদ্ধ হৈ পৰিছে চেন্নাইত। চিকিৎসাৰ বাবে যোৱা এই লোক কেইজন ক্ৰমে- জেৰিনা বেগম, আৰাফা বেগম আৰু জ্ঞাছুদ্দিন আহমেদ। চেন্নাইৰ এপ'ল' হাস্পতালৰ সমীপৰ জেমছ ৰোডৰ ব্যক্তিগত অল চাইফা গেষ্ট হাউছত কোঠা ভাড়া লৈ চিকিৎসা কৰি আছিল তেওঁলোকে।

কিন্তু শেহতীয়া পৰিস্থিতিৰ বাবে লোক কেইজন উভতি আহিবলৈ ৰে'লৰ টিকট কাটিছিল যদিও কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰেল সেৱা বাতিল হোৱাত সমস্যাত পৰিছে লোক কেইজন।

আনহাতে বুধবাৰে গেষ্ট হাউছ কৰ্তৃপক্ষই তেওঁলোকক কোঠা খালী কৰাৰ নিৰ্দেশ দিয়াৰ পাছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰয়োজনীয় ধনৰ অভাৱ আৰু অতি সম্প্ৰতি খাদ্য, পানী আদিৰ নাটনি হৈছে উক্ত স্থানত। এনে পৰিস্থিতিত উদ্ধাৰৰ বাবে তেওঁলোকে প্রাৰ্থনা জনাইছে অসম চৰকাৰক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in