সাৱধান! চুলাইৰ বিৰুদ্ধে দৰং আৰক্ষীৰ যুদ্ধংদেহী অভিযান..

সাৱধান! চুলাইৰ বিৰুদ্ধে দৰং আৰক্ষীৰ যুদ্ধংদেহী অভিযান..

ডিজিটেল সংবাদ মঙলদৈঃ কোভিডৰ ভয়াবহ সংক্ৰমনৰ মাজতো ৰাজ্যৰ একাংশই অবৈধভাৱে চুলাইৰ ঘাটি চলাই আহিছে। দৰং জিলাও ইয়াৰ ব্যতিক্ৰম নহয়। দৰং জিলাটো একাংশই চলাই আহিছে অবৈধভাৱে চুলাইৰ ঘটি। কিছু দিনৰ পৰা অবৈধ ভাবে দৰং জিলাত চলাই অহা এই চুলাই ,মদ,ভাং জুৱা দ্ৰাগচ,তিৰ আদিৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে।মঙলদৈ সদৰ থানাৰ এলেকাত প্ৰায় প্ৰতি দিনে এই অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মঙলদৈৰ মোৱামাৰী অঞ্চলৰ কছাৰী বস্তিত দেওবাৰে অভিযান চলাই কমেও তিনি হাজাৰ লিটাৰ চুলাই মদ আৰু মদ বনোৱা সা-সামগ্ৰী ধংশ কৰে আৰক্ষীয়ে।

মুখ্যমন্তী হিমন্ত বিশ্ব শৰ্মাই চুলাই ঘাটিৰ পৰা কোভিদ মহামাৰীৰ সংক্ৰমণ হোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগে লগেই এই চুলাই ঘাটিৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰিছে দৰঙৰ আৰক্ষী।মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত দৈনিক চুলাই ঘাটি উৎখাট কৰিবলৈ সক্ষম হৈছে।‌এই চুলাই ঘাটিৰ বিৰুদ্ধে অভিযান আৰু তীব্ৰতৰ কৰি তুলিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে। লগতে এনে কাৰ্য্যৰ বিৰুদ্ধে জনসাধাৰণৰ পৰা সহযোগিতা বিচাৰিছে দৰং আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in