দৰঙত মঙলবাৰৰ দিনটোত ১৫১ কোভিড আক্ৰান্ত চিনাক্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যখনৰ লগতে দৰঙতো ক্ৰমে বৃদ্ধি পায় আহিছে কোভিড আক্ৰান্তৰ সংখ্যা। মঙলবাৰৰ দিনটোত ১৫১ জন লোকৰ শৰীৰত ধৰা পৰে কোভিড ১৯ৰ উপস্থিতি। এই সকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা ১৩২২ জনলৈ বৃদ্ধি পালে।

সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৮৪৫ জন কোভিড আক্ৰান্ত। ইয়াৰে ৭৫ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৭৬৮ জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে। চিকিৎসালয়ত থকা কোভিড আক্ৰান্ত সকলৰ ভিতৰত ৩৫ জন মঙলদৈ অসামৰিক চিকিৎসালয় আৰু ৩২ জন জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪ জন আৰু গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ৩ জন আৰু নাৰায়ন হৃদালয়াত এজন লোক ভৰ্তি হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in