দৰঙৰ নামখলাত ৩৬ সংখ্যক ৰাসোৎসৱৰ প্ৰস্তুতি

দৰঙৰ নামখলাত ৩৬ সংখ্যক ৰাসোৎসৱৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, মঙলদৈঃ সমাগত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাসোৎসৱক লৈ ব্যাপক প্ৰস্তুতি৷ ব্যতিক্ৰম নহয় দৰঙৰ নামখলা। নামখলাত এইবাৰ ৩৬ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে৷ ১১ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ আঠদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰাসোৎসৱৰ বাবে ইতিমধ্যে অতুল বৰুৱা সভাপতি আৰু বসন্ত চহৰীয়া সম্পাদক আৰু কাৰ্যকৰী সভাপতি প্ৰমোদ শইকীয়াক লৈ এখনি উদ্‌যাপন সমিতি গঠন কৰি লাইখুটা স্থাপনেৰে প্ৰস্তুতি আৰম্ভ কৰিছে।

লাইখুটা স্থাপন কৰে অৱসৰী প্ৰধান শিক্ষক অতুল চহৰীয়াই৷ আনহাতে মৃণ্ময় মূৰ্তিসমূহ শিল্পীৰ তুলিকাৰ পৰশত প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে৷ উৎসৱৰ লগত সংগতি ৰাখি আনন্দ মেলা, চাৰ্কাচ বোলছবি প্ৰদশৰ্ন আৰু বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

কৃষ্ণ ৰাসোৎসৱৰ আটাইকেইটা দিনত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ লগতে সমিতিৰ অন্যতম সদস্য ফনীধৰ বৰুৱা, ভুপেন চহৰীয়া, হেমন্ত চহৰীয়াই৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in