দৰঙৰ খাৰুপেটীয়াত গ্ৰেপ্তাৰ স্বয়ম্ভূ “মুন্না ভাই”! VIDEO…

দৰঙৰ খাৰুপেটীয়াত গ্ৰেপ্তাৰ স্বয়ম্ভূ “মুন্না ভাই”! VIDEO…

ডিজিটেল সংবাদ, মঙলদৈ: বৃহস্পতিবাৰে দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক অনিতা হাজৰিকা আৰু খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজমোহন ডেকাৰ নেতৃত্বত চলা এক অভিযানত গ্ৰেপ্তাৰ হয় সহৰ আলী নামৰ এক স্বয়ম্ভূ চিকিৎসক ।

উল্লেখযোগ্য যে, সহৰ আলী নামৰ ব্যক্তিজনে খাৰুপেটীয়াৰ সমীপৱর্তী বিহুদিয়াৰ নিজ বাসগৃহত এক অবৈধ ফাৰ্মাচীৰ লগতে ৰোগী চোৱাচিতা কৰা চেম্বাৰ বনাই ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। আৰক্ষীয়ে অভিযানত কালত অভিযুক্ত সহৰ আলীৰ পৰা বিভিন্ন আপত্তিজনক ঔষধৰ লগতে কেতবোৰ চিকিৎসা সামগ্ৰী জব্দ কৰে।

লক্ষণীয় যে ধৃত সহৰ আলীয়ে অজ্ঞতাৰ সুযোগ লৈ দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণ মানুহৰ পৰা ভিন্ন ৰোগৰ চিকিৎসাৰ নামত হাজাৰ হাজাৰ টকা লুটি আহিছে বুলি স্থানীয় এক সূত্ৰৰ পৰা জানিব পৰা যায়। সম্প্ৰতি খাৰুপেটীয়া থানাত অভিযুক্তৰ বিৰুদ্ধে ৪৮৩/১৯ নং, ৪২০/৪১৯ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত চলাই আছে। ইপিনে দৰঙৰ বিভিন্ন প্ৰান্তত এনেদৰে কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ ফাৰ্মাচীক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে দৰং জিলা ওষধ পৰিদৰ্শক কাৰ্যালয়ৰ প্ৰতি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in