নিৰ্বাচনলৈ সাজু দৰং জিলা প্ৰশাসন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মঙলদৈঃ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ অহা পহিলা এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে দৰং জিলা প্ৰশাসন। নিৰ্বাচনী জিলাখনৰ অন্তৰ্গত চাৰিওটা সমষ্টি ক্ৰমে ৬৫ কলাইগাওঁ , ৬৬ ছিপাঝাৰ ,৬৭ মঙলদৈ (অনুসূচীত) আৰু ৬৮ দলগাওঁ সমষ্টিৰ ভোটগ্ৰহণৰ দায়িত্ব চম্ভালিবলৈ ইতিমধ্যে ৫৭৬৮ গৰাকী পোলিং বিষয়া – কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন কৰা হৈছে।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী নিকা আৰু স্বচ্ছতাৰে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া দিলীপ কুমাৰ বৰাৰ তত্বাৱধানত গঠিত মিডিয়া আৰু যোগাযোগ কোষ , এম চি এম চি কোষ , পৰিবহন কোষ , ম্যেনপাৱাৰ কোষ , ফ্লায়িং স্কোৱাড কোষ , মেটাৰিয়েল কোষ , নিৰ্বাচনী ব্যয় কোষ আদি বিভিন্ন কোষে পূৰ্ণ্যোদ্যমে নিজ নিজ কৰ্তব্য সমাপন কৰি আছে।

উল্লেখযোগ্য যে, জিলাখনত ইতিমধ্যে উপস্থিত হৈ দায়িত্ব চমজি লোৱা দুগৰাকী সাধাৰণ পৰ্যবেক্ষক, দুগৰাকী ব্যয় পৰ্যবেক্ষকৰ লগতে এগৰাকী আৰক্ষী পৰ্যবেক্ষক সহ পাঁচজনীয়া পৰ্যবেক্ষকৰ দলে জিলাখনৰ নিৰ্বাচনী পৰিস্থিতি তীক্ষ্ণ পৰ্যবেক্ষনত ৰাখিছে । উল্লেখযোগ্য যে জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৮,৩৮,৯৫৮ গৰাকী । ইয়াৰে ৪,২৬,৯৩৩ জন পুৰুষ , ৪,১২,০০৯ গৰাকী মহিলা আৰু ১৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।চাৰিটা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ আছে ৬৮ নং দলগাওঁ সমষ্টিত ।

সমষ্টিটোৰ মুঠ ২,৪০,৬৮৪ গৰাকী ভোটাৰৰ ১,২২,৭৭৩ জন পুৰুষ , ১১,৭,৯০৫ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ছয়গৰাকী ভোটাৰ । মঙলদৈ সমষ্টিত ২,৩৬,৯৮৫ গৰাকী মুঠ ভোটাৰৰ ১,২০,০৫১ জন পুৰুষ আৰু ১,১৬,৯৩২ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা দুগৰাকী । কলাইগাওঁ সমষ্টিৰ মুঠ ভোটাৰ হল ১,৮৩,৫০৭ গৰাকী ।

পুৰুষৰ সংখ্যা হ'ল ৯২,৮৭৯ জন , মহিলাৰ সংখ্যা ৯০৬২৭ গৰাকী আৰু তৃতীয় লিংগৰ এগৰাকী ভোটাৰ । ছিপাঝাৰ সমষ্টিৰ মুঠ ১,৭৭,৭৮২ গৰাকী ভোটাৰৰ ৯১,২৩০ জন পুৰুষ ৮৬,৫৪৫ গৰাকী মহিলা আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা সাত গৰাকী ।

জিলাখনৰ চাৰিটা সমষ্টিৰ এলেকাত মুঠ ইতিমধ্যে ১২০১ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে কলাইগাঁৱত ২৬৪ , ছিপাঝাৰত ২৫৮ , মঙলদৈত ৩৩৫ আৰু দলগাঁৱত ৩৪৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সা-সুবিধাখিনি উপলব্ধ কৰা হৈছে ।

উল্লেখযোগ্য যে, জিলাখনৰ চাৰিটা সমষ্টিত ৩২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । কলাইগাওঁ সমষ্টিত ১৪ গৰাকী , ছিপাঝাৰত ৯ গৰাকী , মঙলদৈত ৪ গৰাকী আৰু দলগাওঁ সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in