নিলম্বিত হ’ল বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা…

নিলম্বিত হ’ল বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা…
  • অৱশেষত নিলম্বন কৰা হ'ল দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাক।
  • ইফালে বিষয়াগৰাকীৰ লগতে নিলম্বন কৰা হৈছে নিৰ্যাতনত সহায় কৰা মহিলা কনিষ্টবল
    বিনীতা বড়োকো।
  • উল্লেখ্য যে, ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল সেই ঘটনা।
  • থানাৰ ভিতৰত মহিলাক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে।
  • ঘটনাৰ পিছতে ভুক্তভোগী মহিলাকেইগৰাকীয়ে আৰক্ষী অধীক্ষকক দিছিল অভিযোগ।
  • কিন্তু পঞ্জীয়ন কৰা হোৱা নাছিল কোনো গোচৰ।
  • এগৰাকী যুৱতীক বাৰিগাঁৱৰ ৰফুল আলি নামৰ বিবাহিত লোকজনে পলুৱাই নি লুকুৱাই ৰখাৰ পিছত লোকজনক নাপাই আৰক্ষীয়ে থানালৈ লৈ আহিছিল তিনি ভগ্নীক।
  • নিশা থানাৰ ভিতৰত আৰক্ষীয়ে চলাইছিল নিৰ্যাতন।
  • এই ঘটনাত আহত হয় ভুক্তভোগী মহিলাকেইগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in