উখল মাখল পৰিৱেশত দৰং জিলা কুমাৰ সন্মিলনৰ লাইখুঁটা স্থাপন, ‘প্ৰত্যাহ্বানকো নেওচি মৃৎ শিল্পক উজ্জীৱিত কৰাটো সময়ৰ আহ্বান’

উখল মাখল পৰিৱেশত দৰং জিলা কুমাৰ সন্মিলনৰ লাইখুঁটা স্থাপন, ‘প্ৰত্যাহ্বানকো নেওচি মৃৎ শিল্পক উজ্জীৱিত কৰাটো সময়ৰ আহ্বান’

ডিজিটেল সংবাদ, মঙলদৈঃ 'আমাৰ পূৰ্ব পুৰুষ সকল যদিও পাঠ্যপুথিৰ বিদ্যাৰে উচ্চ শিক্ষিত নাছিল; তথাপি সমাজৰ সকলো শ্ৰেণীৰ লোকক বিশেষকৈ আৰ্থিক দিশত আগুৱাই লৈ যোৱাৰ বাবে কিছুমান নীতি নিয়ম বান্ধি দিছিল। মাটিৰ চাকি, ঘট, মাদেলীকে ধৰি কিছুমান সামগ্ৰী এবাৰ ব্যৱহাৰ হোৱাৰ পিছত দুনাই ব্যৱহাৰ কৰাত বাৰণ কৰাটো আছিল ইয়াৰে অংশ স্বৰূপ। কুমাৰ সকল যাতে আৰ্থিক ভাৱে লাভৱান হব পাৰে তাৰ বাবে ব্যৱহাৰ উপযোগী হৈ থকাৰ পিছতো এনে ব্যৱস্থা গ্ৰহণ কৰাটো আছিল এক সুদুৰ প্ৰসাৰী চিন্তা। এই ভাষ্য মঙলদৈৰ জ্যেষ্ঠ সাংবাদিক গণেশ দত্তৰ। দৰং জিলা কুমাৰ সন্মিলনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰ্তমান মাটিৰ সামগ্ৰীৰ কদৰ দ্ৰুতগতিত কমি যাব ধৰাত মৃৎ শিল্পী সকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, এই প্ৰত্যাহ্বানকো নেওচি ন ন চিন্তাৰ উন্মেষ ঘটাই এই শিল্পক আৰু অধিক উদ্ভাসিত কৰি তোলাটো সময়ৰ আহ্বান।

উল্লেখ্য যে, মঙলদৈ চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগৰ পুণিয়া বৰকুমাৰপাৰাৰ নন্দিৰাম – কৈকেয়ী সমন্বয় ক্ষেত্ৰত অহা ১৪ আৰু ১৫ মাৰ্চত হ'বলগীয়া দৰং জিলা কুমাৰ সন্মিলনৰ ৭৪ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ শনিবাৰে লাইখুটা স্থাপনৰ এই অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ দাসে আঁত ধৰে। উখল মাখল এই অনুষ্ঠানত দৰং জিলা কুমাৰ সন্মিলনৰ সভাপতি হৰনাথ কুমাৰে পুৰোহিত জগদীশ শৰ্মাৰ মন্ত্ৰোচাৰণ, আয়তীৰ উৰুলি, হৰ্ষোলাস, শংখধ্বনিৰ মাজত শতাধিক লোকৰ সহযোগত লাইখুঁটা স্থাপন কৰি অধিবেশন সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰি কয়, এই অধিবেশনে কুমাৰ সকলক আৰু অধিক সংগঠিত তথা উজ্জীৱিত কৰি তুলিব।

ইফালে অভ্যৰ্থনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ দাসে অসম চৰকাৰৰ অৰ্থ সাহাৰ্য্যত অচিৰেই বৰকুমাৰপাৰাত মৃৎ শিল্পৰ এটা উদ্যোগ গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰে। এই অনুষ্ঠানত দৰং জিলা কুমাৰ সন্মিলনৰ সাধাৰণ সম্পাদক অতুল কুমাৰ, সমাজকৰ্মী কুলেন বৰুৱা, ৰাতুল কুমাৰ, যোগেন নাথ, তিলক নাথ, অৱসৰী প্রধান শিক্ষক ৰত্নেশ্বৰ ডেকা, শিল্পী চমক ডেকা, অৱসৰী আৰক্ষী বিষয়া ধৰণীধৰ ডেকা, দ্বীপেন শইকীয়া, উপদেষ্টা যোগেন্দ্ৰ প্ৰসাদ দাস, গাওঁবুঢ়া গজেন ডেকা, কৰুণা প্ৰসাদ দাস, কৈলাস দাস, উৎপল দাস, যাদব দাস, অমল দাস, ভৃগু প্ৰসাদ দাস, আচাৰ্য হিৰেণ বৰুৱা, সাংস্কৃতিক কৰ্মী কুমুদ চন্দ্ৰ দাস, লম্বোদৰ দাস, কিশোৰ দাস, নৃপেন দাস, মৃৎ শিল্পী শুক্লেশ্বৰ দাস, নিকু ৰঞ্জন বৰুৱা, হিমাংশু ডেকা, ঋতুপৰ্ণ শইকীয়া, ৰামধন দাস, উপদেষ্টা বীৰেণ দাস, ৰখেশ্বৰী দাস, কোষেশ্বৰী দাস, গীতিকা নাথ, ৰেখামনি নাথ, প্ৰভাৱতী দাস, ববিতা দাস, শকুন্তলা দাস, দিব্যাঙ্গ পুৰেন্দ্ৰ নাথকে ধৰি শতাধিক লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in