দিপীলাৰ খটৰা সত্ৰত পাঁচদিনীয়াকৈ পাচেতি মহোৎসৱ…

দিপীলাৰ খটৰা সত্ৰত পাঁচদিনীয়াকৈ পাচেতি মহোৎসৱ…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ দিপীলাৰ খটৰা সত্ৰত ১৬ চেপ্তেম্বৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে পাচেতি মহোৎসৱ। ৪৪৯ বছৰীয়া ইতিহাস সমৃদ্ধ দৰঙৰ ঐতিহ্য ক্ষেত্ৰ খটৰা সত্ৰত দৰঙী ৰাইজৰ স্বাভিমান ৰূপে স্বীকৃত সত্ৰীয়া উৎসৱৰ ভোগজৰা "পাচেতি" মহোৎসৱটি পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।

পাচেতি মহোৎসৱস্থলী উখল-মাখল হৈ পৰিছে । প্ৰতিবছৰৰ ভাদ আৰু আহিন মাহৰ দোমাহিত এই পাচেতি মহোৎসৱটি অনুষ্ঠিত হৈ আহিছে। জিলাখনৰ লগতে ওচৰ চুবুৰীয়া বিভিন্ন জিলাৰ পৰা লোক আহি এই পাচেতি মহোৎসৱস্থলীত সমবেত হোৱা দেখা যাই । এই পাচেতি মহোৎসৱস্থলীত বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য গঢ় লৈ উঠিছে । বিশেষ কৈ নাৰিকলৰ পুলি, তামোলৰ পুলি , বিভিন্ন ফলমূলৰ পুলিৰ লগতে বিবিধ গছ গছনিৰ পুলিৰ এখন ভাল বজাৰ এই পাচেতি উৎসৱত হয় । লোকবিশ্বাস মতে পাচেতিৰ পৰা ক্ৰয় কৰা ফল মূলৰ পুলি লহপহকৈ বাঢ়ি ,অধিক উৎপাদনশীল , ফলে ফুলে জাতিস্কাৰ হয়।

আন বছৰবোৰৰ দৰে এই বছৰো অসমৰ বিভিন্ন প্রান্তৰ পৰা খটৰা সত্ৰৰ পাচেতি মহোৎসৱত ভিৰ কৰিছেহি অগণন লোকে। এই বছৰো দুই লক্ষাধিক ৰাইজক আদৰিবলৈ খটৰা সত্ৰ পৰিচালনা সমিতি সাজু থকা বুলি জানিবলৈ দিয়ে। পাচেতি মহোৎসৱস্থলীত যাতে কোনো অঘটন নঘটে তাৰ বাবে চোকা দৃষ্টি ৰাখিছে জিলা প্ৰশাসনে। আনহাতে নিৰাপত্তাৰ দিশ সষ্টম কৰি ৰাখিছে প্ৰশাসনে। এইবছৰ ৩০ ভাদৰ পৰা ৩ আহিন অৰ্থাৎ ইংৰাজীৰ ২৬ চেপ্তেম্বৰ পৰা ২০ চেপ্তেম্বৰ, ২০১৯লৈ চলিব পাচেতি মহোৎসৱ। পাচেতি মহোৎসৱস্থলীত সমবেত হোৱা সমূহ ৰাইজক খটৰা সত্ৰৰ পৰিচালনা সমিতিয়ে আদৰণি জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in