পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো…

পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো…

ডিজিটেল সংবাদ, মঙলদৈ : দৰঙৰ ধূলা থানাৰ অন্তৰ্গত গৰাপুৰী নিছপি খেৰা গাঁৱত দেৱানী মাতব্বৰৰ উপস্থিতিত মবাইলত বন্দী হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডৰ দৃশ্য পলমকৈ পোহৰলৈ আহে । ভূমি কেন্দ্ৰীক সংঘাতৰ পৰিণতিত দেৱানী-মাতাব্বৰৰ উপস্থিতিত বনিজ ইছলাম ও তেওঁৰ ছয় পুত্ৰই দা লাঠি আদিৰে বৰ্বৰ বাবে কোবাই কোবাই ন বোৱাৰীৰ চকুৰ সন্মুখতে হত্যা কৰিলে স্বামী শুকুৰ আলীক ।

তথ্য অনুসৰি গৰাপুৰী নিছপি খেৰা গাঁৱৰ কাশেম আলিৰ ঘৰত বনিজ ইছলামে ছয় পুত্ৰক লৈ অনাধিকাৰ প্ৰৱেশ কৰি প্ৰথমে অশ্লীল গালি গালাজেৰে কাজিয়াৰ সৃষ্টি কৰি নিৰীহ পৰিয়ালটোৰ ওপৰত সাত জনীয়া পিতা পুত্ৰৰ দলটোৱে বৰ্বৰ আক্ৰমণ চলায় । উক্ত ভয়ংকৰ কাণ্ডৰ পৰিনতিত মহিলা সহ কেইবাজনো গুৰুতৰ ভাৱে আহত হয় ।

ঘটনা সন্দৰ্ভত ১৪জানুৱাৰী তাৰিখে কাশেম আলীৰ পৰিয়ালে ধূলা আৰক্ষী থানাত বনিজ ইছলাম আৰু তেওঁৰ ছয় পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে যদিও ঘটনাৰ মূল নায়ক এতিয়াও মুকলি আকাশৰ তলত থকাৰ লগতে পৰিয়ালটোক এতিয়াও ভাবুকি প্ৰদান কৰি আছে । ঘটনাত জড়িত হত্যাকাৰী পিতা পুত্ৰৰ দলটোক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ভোক্তভোগী পৰিয়ালটোৱে । উক্ত ঘটনাক কেন্দ্র কৰি অঞ্চল খনত তীব্র চাঞ্চল্য অব্যাহত আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in