দৰঙৰ দলগাঁৱত সাংবাদিকক ঘৰত প্ৰৱেশ কৰি আক্ৰমণ…

আক্ৰমণকাৰী
আক্ৰমণকাৰী

ডিজিটেল সংবাদ, ওৰাংঃ দৰঙৰ দলগাঁৱত 'প্ৰতিদিন টাইম' আৰু 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিকক আক্ৰমণ৷ সাংবাদিক প্ৰদীপ ঘোষৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ ৰাম বাহাদুৰ নামৰ যুৱক এজনৰ৷

উল্লেখ্য যে, যোৱা মাহত দৰিদ্ৰ পৰিয়াল এটাক ছবছৰ পৰা এঘৰীয়া কৰি ৰখা সন্দৰ্ভত 'প্ৰতিদিন টাইম'ত প্ৰকাশিত বাতৰি এটাক কেন্দ্ৰ কৰি সাংবাদিক প্ৰদীপ ঘোষৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰে৷ পিছত দলগাঁও থানাৰ আৰক্ষীয়ে যুৱকজনক আটক কৰি থানালৈ নিয়ে৷ ঘটনাটোক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলগাঁৱত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in