দৰঙত কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি, গুৰুত্বপূৰ্ণ সভা প্ৰশাসনৰ…

দৰঙত কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি, গুৰুত্বপূৰ্ণ সভা প্ৰশাসনৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি আৰম্ভ হৈছে দৰঙত । ৰাজ্যখনত প্ৰতিষেধক প্ৰদান আৰম্ভ হ'লেই স্বাস্থ্য বিভাগৰ নিৰ্দেশাৱলী মতে জিলাখনৰ কোভিড-১৯ প্ৰতিষেধক যাতে ১০০ শতাংশ সফল হয়, সেই উদ্দেশ্য আগত ৰাখি সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।

উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডি, নৱজ্যোতি ওজা, পংকজ ডেকা আৰু কুমাৰ সুৰজিৎ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা, চক্ৰ বিষয়াসকলৰ উপৰি জিলা স্বাস্থ্য সেৱা বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়-ববীয়া, প্ৰাথমিক শিক্ষা বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া , সমাজ কল্যাণ বিষয়াকে ধৰি সকলো বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।

সভাত উপায়ুক্তগৰাকীয়ে প্ৰতিষেধক প্ৰদান আৰম্ভ হোৱাৰ মাত্ৰকে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে কোনো ধৰণৰ যাতে নেতিবাচক বাৰ্তা বা ভুৱা বাতৰি বিয়পিব নোৱাৰে তাৰ বাবে উপযুক্ত পদক্ষেপ ল'বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। জনসাধাৰণৰ কাক, কেনেদৰে কোভিড-১৯ প্ৰতিষেধক প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ'ব তাৰ ৰ'ড মেপ ৩০ ডিচেম্বৰৰ ভিতৰত প্ৰস্তুতি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in