বোৱাৰীয়েকৰ জাত নিমিলা বাবেই দৰঙত মহিলাৰ মৃতদেহ সৎকাৰ নকৰিলে চুবুৰীয়াই

বোৱাৰীয়েকৰ জাত নিমিলা বাবেই দৰঙত মহিলাৰ মৃতদেহ সৎকাৰ নকৰিলে চুবুৰীয়াই

ডিজিটেল সংবাদ, মঙলদৈঃ এই ডিজিটেল যুগতো জাত-পাত, ধৰ্মক লৈ কিমান তললৈ নামিব পাৰে মানুহ? কিমান তললৈ নামিব পাৰে সমাজ? গোলাঘাটৰ মানৱতাক লজ্জানত কৰিব পৰা ঘটনাৰ পিছত দৰং জিলাতো অনুৰূপ ঘটনা সংঘটিত হোৱাত এই প্ৰশ্নই জোকাৰি গৈছে সচেতনমহলক।

প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ দেওমৰনৈৰ বাঘৰবাৰীত এনে মধ্যযুগীয় আক্ৰোশৰ বলি হ'বলগীয়া হৈছে পমিলা কলিতা নামৰ এগৰাকী মহিলাগৰাকীৰ পৰিয়াল। এই মহিলাগৰাকীৰ পুত্ৰই অইন জাতি(নীচ!)ৰ এগৰাকী ছোৱালীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে চুবুৰীয়াসকলে পৰিয়ালটোক এঘৰীয়া কৰি দিছিল।

গাঁওবাসীয়ে এনেদৰে জুই-পানী পৃথক কৰি দিয়াৰ পিছত বহু কষ্টৰে দিন পাৰ কৰি আহিছিল দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পমিলা আৰু তেওঁৰ পুত্ৰ-বোৱাৰীয়ে। ইয়াৰ মাজতে সোমবাৰে কৰ্কট আক্ৰান্ত পমিলাৰ মৃত্যু ঘটে।

পমিলাৰ মৃত্যুৰ পিছতে গাঁওবাসীয়ে প্ৰদৰ্শন কৰে নিজৰ নিষ্ঠুৰতা। পুত্ৰই নীচ জাতিৰ ছোৱালীক বিয়া কৰোৱা বাবেই গাঁওখনৰ লোকসকলে সৎকাৰৰ বাবে আগবাঢ়ি নাহিল। ফলত মৃতদেহ সৎকাৰ কৰিবলৈ এটুকুৰা মাটি নথকা পমিলাৰ পুত্ৰ-বোৱাৰী অসহায় হৈ পৰে।

অৱশ্যে পমিলাৰ পুত্ৰ-বোৱাৰীৰ এনে অসহায় অৱস্থাৰ কথা জানিব পাৰি আগবাঢ়ি আহে গাঁওখনৰ আন এটা খেলৰ কেইজনমান আধুনিক মনৰ যুৱক। উক্ত যুৱককেইজনৰ সহযোগত দুৰ্ভগীয়া পমিলাৰ পুত্ৰ-বোৱাৰীয়ে সামাজিক নীতি নিয়মৰ মাজেৰে মৃতদেহ সৎকাৰ কৰে।

আধুনিক মনৰ যুৱককেইজনৰ কোনো এজনে এই ঘটনাটো বৰ্ণনা কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে জিলাখনৰ সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজিৰ যুগতো জাত-পাতক লৈ কিদৰে এখন সমাজে এটি পৰিয়ালৰ দুখৰ মুহূৰ্ততো কাষত উপস্থিত হৈ সমভাগী হোৱাৰ পৰা নিজকে বিৰত ৰাখিব পাৰে সেয়া ভাবি এতিয়া হতচকিত হৈ পৰিছে সচেতন মহল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in