বিতুমণি হাজৰিকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত দৰঙত তীব্ৰ প্ৰতিবাদ

বিতুমণি হাজৰিকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত দৰঙত তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, দৰংঃ মংগলদৈৰ বোৱাৰী বিতুমণি হাজৰিকাক যোৱা ৩ ডিচেম্বৰত জ্বলাই হত্যা কৰাৰ প্ৰতিবাদত শুকুৰবাৰে দৰঙৰ দলগাঁৱৰ ৰাজপথত এক বৃহৎ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে৷ দলগাঁৱৰ জীয়ৰী বিতুমণি হাজৰিকাক মংগলদৈৰ নাহৰবাৰীত থকা স্বামীগৃহৰ পৰিয়ালে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কেইবা শতাধিক পুৰুষ-মহিলাই। দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে।

অভিযুক্ত স্বামী কিৰিতি বৰুৱাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে৷ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচী দিয়ক, বিতুমনি হত্যাৰ ন্যায় লাগে আদি শ্ল'গানেৰে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদী কাৰ্যসূচীত আছু, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, দলগাঁও মহিলা সমিতি আদি সংগঠনসমূহে পুৰ্ণ সহযোগ আগবঢ়ায়৷ প্ৰতিবাদকাৰী সকলে দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰি অতি শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in