দৰঙত ভূমিপট্টা আৰু আৱন্টণ পত্ৰ বিতৰণৰ কাৰ্যসূচী…

দৰঙত ভূমিপট্টা আৰু আৱন্টণ পত্ৰ বিতৰণৰ কাৰ্যসূচী…

ডিজিটেল সংবাদ, মঙলদৈঃ খিলঞ্জীয়া লোকসকলৰ মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ অৰ্থে অসম চৰকাৰে আৰম্ভ কৰা ভূমি পট্টা আৰু আৱন্টণ প্ৰমাণ পত্ৰ বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত দৰং জিলাৰ মুঠ ২১৬৫ জন লোকে লাভ কৰিছে মাটিৰ পট্টা আৰু আৱণ্টন পত্ৰ। শনিবাৰে মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক সভাত জিলাখনৰ কেইবাজনো লোকক ভূমিৰ পট্টা আৰু আবন্টণ পত্ৰৰ আনুষ্ঠানিক বিতৰণেৰে দ্বিতীয় পৰ্যায়ৰ এই কাৰ্যসূচী আৰম্ভ কৰা হয়।

মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, বিশিষ্ট সমাজ কৰ্মী অমৰেন্দ্ৰ শৰ্মা আদি উপস্থিত থকা এই সভাত ভাষণ প্ৰদান কৰি উপায়ুক্ত দিলীপ কুমাৰ বৰাই পট্টা প্ৰাপ্ত লোকসকলক মাটিৰ সুব্যৱহাৰ কৰিবলৈ আৰু কেতিয়াও মাটি বিক্ৰীৰ কথা চিন্তা নকৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে- মানুহৰ সংখ্যা বাঢ়ে, কিন্তু ভূমি নাবাঢ়ে, গতিকে ভূমিক সৎ ব্যৱহাৰ কৰা উচিত । মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই তেওঁলোকৰ ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ভূমি পট্টা বিতৰণৰ দ্বাৰা খিলঞ্জীয়াসকলৰ অধিকাৰ সুৰক্ষিত কৰিছে বুলি মন্তব্য কৰে।

জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্ত পংকজ কুমাৰ ডেকা, চক্ৰ বিষয়া সকল তথা সংশ্লিষ্ট বিষয়া- কৰ্মচাৰীসকলে এইক্ষেত্ৰত কৰা নিৰৱচ্ছিন্ন শ্ৰমৰ প্ৰশংসা কৰে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বতে প্ৰথম পৰ্যায়ত জিলাখনৰ ২৩২১ জন খিলঞ্জীয়ালোকে ভূমিৰ পট্টা আৰু আৱন্টণ পত্ৰ লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in