চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..

চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..

ডিজিটেল সংবাদ,মঙলদৈ : বৃহস্পতিবাৰে মঙলদৈ ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সহযোগত অসমত নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত দৰং আছুই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে ।

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, মূখ্য সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা, আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা ৰ লগতে অৰ্ধশতাধিক ছাত্ৰ সন্থাৰ কৰ্মী য়ে প্ৰতিবাদী কাৰ্যসূচী ত অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগান দি অসমত সংঘটিত হৈ থকা কেলেংকাৰী ৰোধ কৰাত গুৰুত্ব দিবলৈ দাবী জনাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in