নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰঙত আছুৰ উদ্যোগত বাইক ৰেলী, VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰঙত আছুৰ উদ্যোগত বাইক ৰেলী, VIDEO

ডিজিটেল ডেস্কঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰং জিলা ছাত্র সন্থা আৰু নামখালা আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত দেওবাৰে এক প্ৰতিবাদী বাইক ৰেলী উলিওৱা হয়। দুই শতাধিক বাইক আৰোহীয়ে অংশ লোৱা ৰেলীত প্ৰতিবাদকাৰীসকলে নামখালাৰ পৰা দীপিলা হৈ পাথৰিঘাটৰ কৃষক আন্দোলনৰ শ্বহীদ বেদীত সমবেত হৈ তেজ দি হলেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ সংকল্প গ্ৰহণ কৰে।

ইপিনে শনিবাৰৰে পৰা শ্বহীদ বেদীৰ তলত আমৰণ অনশনত বহা পাথৰিঘাটৰ স্থানীয় যুৱক সকলৰ সৈতে মত বিনিময় কৰে বাইক ৰেলী কৰা প্ৰতিবাদকাৰীসকলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপ সভাপতি অতুল বৰাৰ প্ৰতিমূৰ্তিত চেণ্ডেলৰ মালা পৰিধান কৰাই প্ৰতিবাদকাৰীসকলে দাহ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in