দৰঙৰ স্থানপ্ৰাপ্ত ধৃতিৰাজ-ভৃগু মোহনক সম্বৰ্ধনা প্রদেশ কংগ্ৰেছৰ

দৰঙৰ স্থানপ্ৰাপ্ত ধৃতিৰাজ-ভৃগু মোহনক সম্বৰ্ধনা প্রদেশ কংগ্ৰেছৰ

ডিজিটেল সংবাদ, মঙলদৈঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰা দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্র ধৃতিৰাজ বাস্তব কলিতাৰ ঘৰত প্রদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ কৃতী ছাত্ৰজনক সম্বৰ্ধনা জনোৱাৰ উপৰি ছাত্র জনক এটা লেপটপ উপহাৰ দিয়ে। প্ৰাক্তন মন্ত্ৰী বসন্ত দাসৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ দলটোৱে ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰলৈ গৈ জাপি,ফুলাম গামোচাৰে সম্বৰ্ধণা জনোৱাৰ লগতে অনাগত দিনত অধ্যয়নত সহায়ক হোৱাকৈ এটা লেপটপ উপহাৰ দি ছাত্র গৰাকীৰ সৈতে মতবিনিময় কৰে।

আনহাতে নৱম স্হান প্ৰাপ্ত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্র ভৃগু মোহন কুমাৰৰ ঘৰলৈকো গৈ কংগ্ৰেছৰ দলটিয়ে কৃতীমান গৰাকীক জাপি, ফুলাম গামোচা, ফুলৰ তোৰাৰে সম্বৰ্ধনা জনায়। দলটিয়ে ধৃতিৰাজে অধ্যয়ন কৰা বঢ়মপুৰ জাতীয় বিদ্যালয়খনো পৰিদৰ্শন কৰি বিদ্যালয়খনৰ কম্পিউটাৰ কক্ষটো অত্যাধুনিক ভাৱে সজাই দিয়াৰ আশ্বাস প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষক। কংগ্ৰেছৰ এই প্ৰতিনিধি দলটোত আছিল প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কিশোৰ ভট্টাচাৰ্য, কংগ্ৰেছ নেতা দুলু আহমেদ আৰু দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in