শেহতীয়া খবৰ

দৰঙৰ চেনিয়ালপাৰাত শিৱ পূজাৰ লগত সংগতি ৰাখি কোভিড ভেকচিন শিবিৰ অনুষ্ঠিত…

ডিজিটেল সংবাদ, মঙলদৈঃ দেশৰ লগতে ৰাজ্যখনৰ চাৰিওফালে কোৰোনা মহামাৰীৰ আতংক, লকডাউন। এনে মহামাৰীৰ সময়ত জনসাধাৰণে উৎসৱ প্ৰাৰ্বনৰ কথা পাহৰি পেলাইছিল ক্ৰমান্বয়ে এই মহামাৰীৰ প্ৰকোপ ক্ৰমান্বয়ে কমি অহাৰ পৰিপ্ৰেক্ষিতত কোভিড প্ৰট’কল মানি ঠায়ে ঠায়ে দুই এটা উৎসৱ প্ৰাৰ্বনৰ নাম মাত্ৰ ৰীতি নীতি পালন কৰিবলৈ জন সাধাৰণ আগবাঢ়িছে। চেনিয়ালপাৰা কালচাৰেল ইউনিত ও পুথিভঁৰাল আৰু ভাৰতীয় জনতা পাৰ্টী মুদৈবৰী ভিচিডিচিৰ উদ্যোগত দেবাদী দেৱ আদিদেৱ মহাদেৱৰ শ্ৰী চৰণত “বল বম” উপলক্ষে দেওবাৰে নিশা আৰু সোমবাৰে ৰাতিপুৱা মুদৈৱৰী সাৰ্বজনীন শিৱ মন্দিৰত আৰম্বৰহীন ভাৱে পালন কৰে।

ইয়াৰ লগত সংগতি ৰাখি সোমবাৰে মুদৈৱৰী ভোলানামধ্য ইংৰাজী বিদ্যালয়ত ২০০ ব্যক্তিক বিশ্বত্ৰাস মহামাৰী ক’ৰণাৰ ভেকচিন প্ৰদান কৰা হয়। ভেকচিন শিবিৰৰ আত ধৰে হেৰম্ব প্ৰসাদ কলিতাই, ভেকচিন শিবিৰটি উদ্বোধন কৰে ভিচিডিচিৰ উপ সভাপতি ৰঞ্জিত কলিতাই, সহযোগ কৰে সক্ৰিয় সদস্য দুৰ্লভ কুমাৰ কলিতা আৰু মৃদুল কলিতাই । চেনিয়ালপাৰা কালচাৰেল ইউনিত ও পুথিভঁৰাল আৰু ভাৰতীয় জনতা পাৰ্টী মুদৈবৰী ভিচিডিচিৰ এই পুজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ভেকচিন শিবিৰটিৰ জৰিয়তে বৃহত্তম অঞ্চলৰ দুখীয়া নিচলা লোক সকলক ভেকচিন প্ৰদান কৰা কাৰ্যক প্ৰশংসা কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি