গোৱালপাৰাত ‘দৰ্পণ’ প’ৰ্টেল ট্ৰান্সফাৰৰ নামত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীক ধন দাবী

গোৱালপাৰাত ‘দৰ্পণ’ প’ৰ্টেল ট্ৰান্সফাৰৰ নামত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীক ধন দাবী

ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰা চহৰৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে 'দৰ্পণ' প'ৰ্টেল ট্ৰান্সফাৰৰ নামত শিক্ষাৰ্থীক অযথা হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ মতে, দুমাহমান পূৰ্বে দালালৰূপী শিক্ষক এগৰাকীয়ে 'ব্ৰুকফিল্ড' নামৰ শিক্ষানুষ্ঠানখনৰ পৰা জুনাইড কবিৰ আৰু ৰাফিয়া কবিৰ নামৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী দুগৰাকীক বিনামূলীয়া নাম ভৰ্তিৰ প্ৰলোভন দি কল্পনা চাওলা মে'মৰিয়েল (কে চি এম)একাডেমিলৈ ফুচুলাই লৈ যায়।সম্পৰ্কত ভাই-ভনী শিক্ষাৰ্থী দুগৰাকীক চৰ্ত সাপেক্ষে কে চি এম'ত নাম ভৰ্তিৰ প্ৰ-পত্ৰ পূৰণো কৰোৱায় তথাকথিত শিক্ষকজনে।

চৰ্ত মতে শিক্ষাৰ্থী দুগৰাকীৰ টিউচন মাছুলৰ বাদে প্ৰথম বৰ্ষৰ নাম ভৰ্তিৰ মাছুল সম্পূৰ্ণ ৰেহাই দিয়ে। লগতে দ্বিতীয় বৰ্ষৰ নামভৰ্তিৰ মাছুলৰ ক্ষেত্ৰটো ৫০ শতাংশ ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰে বিদ্যালয় কৰ্তৃপক্ষই। কিন্তু পূৰ্বে অধ্যায়নৰ বাবে নাম ভৰ্তি কৰা বিদ্যালয়খন এৰি আহিবলৈ দুই শিক্ষাৰ্থীয়ে দধোৰ-মধোৰ কৰাত শিক্ষাৰ্থী দুগৰাকীক দহদিনমান 'ডেম' ক্লাছ' কৰিব কয়। যদি মনপুত নহয়, তেন্তে সিদ্ধান্ত সলনি কৰিব পাৰিব বুলিও দালাল শিক্ষকজনে আশ্বাস দিয়ে।সেই মতে, জুনাইড কবিৰে এদিন শ্ৰেণীত উপস্থিত হৈ মনপুত নোহোৱাত দুনাই বিদ্যালয়লৈ যোৱা নাই।

ভাতৃ জুনাইডৰ মনপুত নোহোৱাত ভগ্নী ৰাফিয়াইয়ো সিদ্ধান্ত সলনি কৰি পুনৰ আগৰ শিক্ষানুষ্ঠানখনতে শিক্ষা গ্ৰহণৰ সিদ্ধান্ত লয়।দুই ভাই-ভনী শিক্ষাৰ্থীয়ে দালাল শিক্ষকৰ জৰিয়তে নাম ভৰ্তি কৰাৰ দুমাহতকৈ অধিক দিন বাগৰি যোৱাৰ পিচত কে চি এম একাডেমি কৰ্তৃপক্ষই দুই শিক্ষাৰ্থীৰ অভিভাৱক পিতৃক বাধ্যতামূলক 'দৰ্পণ' প'ৰ্টেলত শিক্ষাৰ্থী দুগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ টেলিফোন কৰে।কিন্তু শিক্ষাৰ্থী দুগৰাকীৰ পিতৃয়ে দৰ্পণ প'ৰ্টেলত নাম ভৰ্তি কৰিব নালাগে বুলি স্পষ্টভাৱে জনাই দিয়ে।

ইপিনে দুই শিক্ষাৰ্থীয়ে পূৰ্বে নামভৰ্তি কৰা বিদ্যালয়খনে শিক্ষাৰ্থী দুগৰাকীৰ নাম দৰ্পণ প'ৰ্টেলত অন্তৰ্ভুক্ত কৰিব বিচৰাত অমান্যতা দেখুৱায়। অভিভাৱকে মনা কৰা সত্বেও কে চি এম একাডেমি কৰ্তৃপক্ষই শিক্ষাৰ্থী দুগৰাকীৰ নাম সেইখন বিদ্যালয়ৰ নামত দৰ্পণ প'ৰ্টেলত অন্তৰ্ভুক্ত কৰিছে বুলি অনুসন্ধানত পোহৰলৈ আহে। শিক্ষাৰ্থী দুগৰাকীয়ে মঙলবাৰে প'ৰ্টেল ট্ৰান্সফাৰৰ বাবে লিখিত আবেদন কৰাত শিক্ষাৰ্থী দুগৰাকীৰ চকু কপালত উঠে।

অভিযোগত উল্লেখ কৰা অনুসৰি ৰেহাই দিয়া নাম ভৰ্তিৰ মাছুলসহ গোটেই বৰ্ষটোৰ টিউচন মাছুল মুঠ ৬০ হেজাৰ টকা দাবী কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষই।অন্যথা টি চি বা দৰ্পণ প'ৰ্টেল ট্ৰান্সফাৰ দিয়া নহ'ব বুলি স্পষ্ট কৰে। শিক্ষানুষ্ঠাখনে এই দৰে শিক্ষাৰ্থী দুগৰাকীক অযথা বুজন পৰিমাণৰ ধন দাবী কৰি হাৰাশাস্তি কৰাত শিক্ষাৰ্থী দুগৰাকী মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে,বুধবাৰে স্থানীয় সাংবাদিকৰ দল এটিয়ে এই সন্দৰ্ভত কে চি এম একাডেমিত উপস্থিত হৈ পৰিচালন সঞ্চালকক সোধা-পোচা কৰাত দালালৰূপী শিক্ষকজনে শিক্ষাৰ্থী দুগৰাকীক ভৰ্তি কৰিব যোৱাত কৰ্তৃপক্ষই শিক্ষাৰ্থী দুগৰাকীক ভৰ্তি মাছুল ৰেহাই দিয়া বিষয়টো স্পষ্ট হয়।কিন্তু তৎসত্বেও বিদ্যালয়খনৰ অধ্যক্ষই কি যুক্তিত শিক্ষাৰ্থী দুগৰাকীক ভৰ্তি মাছুল আৰু গোটেই বৰ্ষৰ টিউচন মাছুল ৬০ হেজাৰ টকা দাবী কৰি প'ৰ্টেল ট্ৰান্সফাৰ দিয়াৰ পৰা বিৰত আছে সেয়া সহজে অনুমেয়।

আনহাতে একেখন ব্ৰুকফিল্ড শিক্ষানুষ্ঠানৰ একেটা শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি থকা চানিদুল ইছলাম নামৰ বিজ্ঞানৰ শিক্ষাৰ্থীজনকো দৰ্পণ প'ৰ্টেল ট্ৰান্সফাৰৰ নামত চহৰৰ মহাত্মা গান্ধী(এম জি কলেজ) জুনিয়ৰ কলেজখনে অহেতুক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে শিক্ষাৰ্থীগৰাকীৰ অভিভাৱকে বিদ্যালয়খনত উপস্থিত হৈ জবাবদিহি কৰাত বিদ্যালয়খনে প'ৰ্টেল ট্ৰান্সফাৰ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in