দৰঙত একেদিনাই গ্ৰেপ্তাৰ ৩ দুধর্ষ চোৰাং চিকাৰী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ…

দৰঙত একেদিনাই গ্ৰেপ্তাৰ ৩ দুধর্ষ চোৰাং চিকাৰী, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ…

ডিজিটেল সংবাদ,মঙলদৈঃ বুধবাৰে পুৱতি নিশা দৰং জিলাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত জাগুৱাৰ চাপৰিৰ পৰা দৰং আৰক্ষীয়ে অভিযান চলাই জাকিৰ হুছেইন নামৰ এজন দুধর্ষ চোৰাং চিকাৰীক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ।

দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা, উপ-পৰিদৰ্শক টুইংকল গোস্বামী, উপ-পৰিদর্শক ডান্টেজিৎ দেউৰী আৰু উপ-পৰিদৰ্শক হৃষীকেশ বৰ্মনৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ধৃত জাকিৰ হুছেইনৰ ঘৰৰ পৰা দুটা হস্ত নিৰ্মিত ৩০৩ ৰাইফল, ৪ জাই ৩০৩ ৰ সজীৱ গুলী, এটা হৰিণ শিংৰ লগতে ৫ জাই ১২ ব'ৰৰ গুলী উদ্ধাৰ কৰে ।

আনহাতে একেদিনাই দৰং জিলাৰ শিলবৰী আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰজ আলম চৌধুৰীৰ নেতৃত্বত যোৱা আন এটি আৰক্ষীৰ দলে নুৰ ইছলাম আৰু জাল্লালুদ্দিন নামৰ দুই দুধর্ষ গড় চিকাৰীক .২২ পিষ্টল আৰু ৪ জাই সজীৱ গুলীসহ গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে ধৃত নুৰ ইছলামৰ ঘৰ হোজাই জিলাৰ লামডিংত আৰু জাল্লালুদ্দিনৰ ঘৰ হাৰমতীত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in