নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, মঙলদৈঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ কেবিনেটে অনুমোদন জনোৱাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে দৰং জিলা সাহিত্য সভাই জিলা সাহিত্য সভাৰ প্ৰকল্পৰ সন্মুখত অবস্থান ধৰ্মঘট পালন কৰি উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে ইয়ে অসমৰ জনসাধাৰণৰ লগতে সাহিত্য, সংস্কৃতি, ভাষা আৰু জনগাঁঠনি ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে দৰং জিলা সাহিত্য সভাই। কিন্তু ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাত খেদ প্ৰকাশ কৰি এনে সৰ্বনাশী সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় সাহিত্য সভাই।

কেবৰ বিৰুদ্ধে গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ৰাণা আলম, অসম সাহিত্য সভাৰ কাৰ্য নিৰ্বাহক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞা, দৰং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি বৰদা শইকীয়া, সম্পাদক গৌতমানন্দ গোস্বামী লগতে সাহিত্য সভাৰ অৰ্ধশতাধিক সাহিত্য প্ৰেমী, সাহিত্য কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in