দৰঙৰ দলগাঁৱত এনকাউণ্টাৰঃ নিহত দুধৰ্ষ ডকাইত আছা বাবু…

দৰঙৰ দলগাঁৱত এনকাউণ্টাৰঃ  নিহত দুধৰ্ষ ডকাইত আছা বাবু…

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল দুধৰ্ষ ডকাইত আছা বাবুক। গ্ৰেপ্তাৰৰ পাছতে নিশা ১ঃ৩০ বজাত দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষৰ নদীৰ পাৰত লুকুৱাই থৈ দিয়া পিষ্টল দেখুৱাই দিবলৈ লৈ গৈছিল আছা বাবুক। ইয়াৰ পাছতে পুতি থোৱা গুলী ভৰ্তি পিষ্টল হাতত লৈয়েই আৰক্ষী লৈ গুলি কৰাত আৰক্ষীয়ে আছা বাবুলৈ লক্ষ্য কৰি গুলী কৰে আৰু গুৰুতৰ ভাবে আহত হয়। তাৰ পিছতেই আছা বাবুক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও আধা বাটতে মৃত্যু হয়।

আছা বাবুৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত আছে কেইবাটাও গোচৰ। চোৰ, ডকাইতি , অপহৰণ, এ টি এম চুৰি, হত্যা, গাড়ী চোৰ আদিৰ দৰে বিভিন্ন গোচৰত অভিযুক্ত আছা বাবু। ২০১৪ চনৰ ২৯ আগষ্টত দৰং জিলাৰ জ্যেষ্ঠ অধিবক্তা বিনয় কুমাৰ ঘোষৰ হত্যাৰ মূল নায়ক আছিল আছা বাবু। মঙলদৈৰ মাজমজিয়াতে অধিবক্তা গৰাকীৰ ঘৰত ডকাইতি কৰি শেষত হত্যা কৰে ঘৰৰ গৰাকী বিনয় কুমাৰ ঘোষক।

বিনয় কুমাৰ ঘোষৰ হত্যাকাণ্ডত জড়িত আছা বাবুই কেইমাহ মান কাৰাগাৰত থকাৰ পিছত জামিন লাভ কৰিছিল যদিও কেচ চলি আছিল। তাৰ পিছতো বিভিন্ন অপৰাধ চলাই গৈছিল আছা বাবুই।মঙ্গলবাৰে আৰক্ষী য়ে আছা বাবুক আটক কৰাৰ সময়ত ৭.৬৫ পিষ্টল আৰু তিনি ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত। আছা বাবুৰ মৃত্যুৰ সন্দৰ্ভত সহকাৰী আৰক্ষী অধীক্ষ ৰূপম ফুকনে সংবাদ মেল যোগে প্ৰকাশ কৰে এই তথ্য।

আছা বাবুৰ মৃত্যুৰ পিছত দৰঙৰ বিভিন্ন দল, সংগঠনৰ নেতৃত্বতৰ লগতে বিবিন্ন ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।খাৰুপেটীয়া থানাৰ অন্তৰ্গত বিহুদিয়াত ঘৰ আছা বাবু আলি। আছা বাবু আলি বিৰুদ্ধে আছে ৭ টাকৈ গোচৰ, এই গোচৰ সমুহ হ'ল
খাৰুপেটীয়া থানাত তিনিটা ক্ৰমে 270/18 US 307/302/498/494/IPC, 308/18 US 366/34/IPC, 235/21 U/S 379/511/34 IPC, ধূলা থানাত 309/19 U/S 25 নম্বৰত, মঙলদৈ থানাত দুটা কেচ নম্বৰ 598/14 US 460/396 /IPC, 399/411 /IPC আৰু কেচ নং 1149/18 U/S 457/380/ IPC, হাতীগাঁও থানাত কেচ নম্বৰ 640/18 U/S 395 /IPC ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in