ৰাখীবন্ধনৰ দিনটোত মল্লাই ভনীয়েকক দিয়া উপহাৰ সচাকৈয়ে শ্ৰেষ্ঠতম…

ৰাখীবন্ধনৰ দিনটোত মল্লাই ভনীয়েকক দিয়া উপহাৰ সচাকৈয়ে শ্ৰেষ্ঠতম…

ডিজিটেল ডেস্কঃ এইবাৰ শাওনমাহৰ সোমবাৰে শাওন পূৰ্ণিমা আৰু শ্ৰৱণ নক্ষত্ৰৰ মহা সংযোগৰ সময়ত পালিত হৈছে আজিৰ বিশেষ পবিত্ৰ ৰাখীবন্ধন। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা এগৰাকী বায়েকৰ মৰম, চেনেহ, ভালপোৱা আৰু তেওলোকৰ মঙ্গলকামনা। লগতে লুকাই থাকে এই সম্পৰ্ক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি।

কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে এইবাৰ পালিত হোৱা ৰাখীবন্ধনত চত্তীশগড়ৰ এগৰাকী ভাতৃয়ে ভগ্নীক দিয়ে শ্ৰেষ্ঠতম উপহাৰ। ইতিমধ্যে এই ভাতৃ-ভগ্নীৰ কাহিনীয়ে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, ৰাখীবন্ধনৰ এই পৱিত্ৰ দিনটোতে ভগ্নীৰ আহ্বান ৰক্ষা কৰি নক্সালবাদীৰ এগৰাকী দুৰ্ধৰ্ষ কেডাৰে কৰিলে আত্মসমৰ্পণ।

মল্লা নামৰ এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীগৰাকীৰ ওপৰত শেহতীয়াকৈ চত্তীশগড় চৰকাৰে ঘোষণা কৰিছিল ৮লাখ টকাৰ পুৰস্কাৰ। নক্সালবাদী সংগঠনৰ উচ্চস্তৰীয় কেডাৰ মল্লাক তেওঁৰ ভনীয়েকে অনুৰোধ কৰিছিল যে, এই পথ এৰি তেওঁ পুনৰ ঘূৰি আহক ঘৰলৈ। তেওঁৰ বাবে আজিও পৰিয়ালৰ সকলোলোকে অধীৰ আগ্ৰহেৰে ৰৈ আছে।

ভগ্নীৰ এই অনুৰোধ ৰক্ষা কৰি মল্লাই আত্মসমৰ্পণ কৰিলে আৰু ঘোষণা কৰিলে ৰাখীবন্ধনৰ দিনটোত এয়া তেওঁৰ ভগ্নীৰ বাবে এক উপহাৰ। কাৰাগাৰত থকাৰ সময়তে ভনীয়েকে গৈ নীতি-নিয়মৰ মাজেৰে মল্লাক পিন্ধালে ৰাখী। ধূপ-চাকিৰে ভনীয়েকে মল্লাক ৰাখী পিন্ধাই কৰিলে মঙ্গলকামনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in