ছিমলাত উজ্বলিল অসমৰ নৃত্যশিল্পী, ‘বিশেষ বঁটা’ লাভ কৰিলে পৰেশ গোহাঁইয়ে…

ছিমলাত উজ্বলিল অসমৰ নৃত্যশিল্পী, ‘বিশেষ বঁটা’ লাভ কৰিলে পৰেশ গোহাঁইয়ে…

ডিজিটেল সংবাদ, কাকডোঙা: অসমৰ কেইবাগৰাকী শিল্পীয়ে আৰ্কষণীয় নৃত্যানুস্থান কৰি সৰ্বভাৰতীয় পৰ্যায়ত পুৰষ্কাৰ বুটলিবলৈ সক্ষম হয়। উল্লেখ্য যে, ছিমালত অনুষ্ঠিত হোৱা ধাৰোহাৰ নামৰ ইন্টাৰনেচনেল প্ৰ'গ্ৰেমটোত অংশ গ্ৰহণ কৰিবলৈ গৈছিল গোলাঘাট জিলাৰ নৃত্য শিল্পী পৰেশ গোহাঁই আৰু চিন্ময় গগৈৰ নৃত্য দলটিয়ে।

উদীয়মান কৰি'অগ্ৰাফাৰ পৰেশ গোহাঁইয়ে ভাৰতৰ বিভিন্ন ঠাইত নৃত্য পদৰ্শন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে এইবাৰো ছিমলাত অনুষ্ঠিত হোৱা ইন্টাৰনেচলৰ প্ৰ'গ্ৰেমত পৰেশ গোহাঁইয়ে "বিশেষ বঁটা" লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, শিল্পী কোঁৱৰ শইকীয়া, ভূমিকা খাউণ্ড আৰু পৰীক্ষিত বৰুৱাই ২য় স্থান আৰু লাকী বৰুৱা আৰু বৰ্ষিতা গোহাঁইয়ে তৃতীয় স্থান, লগতে ৰেখাশ্ৰী বৰদলৈ আৰু লাকি বৰুৱাই যুটীয়া নৃত্যত ২য় স্থান আৰু দলীয় নৃত্যত প্ৰথম স্থান পাবলৈ সক্ষম হয় ।

বিশেষ বঁটা লাভ কৰা উদীয়মান কৰিঅ'গ্ৰাফাৰ পৰেশ গোহাঁইয়ে যোৱা বছৰ অক্টোবৰ মাহতো গোৱাত অনুষ্ঠিত হোৱা মহাঞ্চ কাৰ্নিভেলত ৰাষ্ট্ৰীয় কনকান ৰত্ন বঁটা লাভ কৰিছিল । এইবাৰো চিমলাত বিশেষ বঁটা লাভ কৰি জিলাখনৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in