বাক্সাৰ কাৰহানাত মহাপুৰুষ দামোদৰ দেৱৰ ৫৩১ তম জন্মোৎসৱৰ সামৰণি

বাক্সাৰ কাৰহানাত মহাপুৰুষ দামোদৰ দেৱৰ ৫৩১ তম জন্মোৎসৱৰ সামৰণি

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ কাৰহানাস্থিত শ্ৰীশ্ৰীদেৱ দামোদৰ ধামত জালাহ উন্নয়ন খণ্ড দেৱ দামোদৰ সংঘ পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩১ তম জন্মোৎসৱৰ আজি সামৰণি পৰে৷

এই উপলক্ষে শ্ৰীশ্ৰীদেৱ দামোদৰ ধাম পৰিচালনা সমিতিৰ উপদেষ্টা ধৰণী দাসৰ সভাপতিত্বত অনুষ্ঠিত গুৰুজনাৰ স্মৃতি চাৰণ সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ জালাহ উন্নয়ন খণ্ড দেৱ দামোদৰ সংঘৰ কাৰ্যকৰী সভাপতি লক্ষ্মীনাৰায়ণ গোস্বামীয়ে কয়, "ভট্ট দেৱৰ গদ্য সাহিত্য সৃষ্টিত গুৰু শ্ৰীশ্ৰীদামোদৰ দেৱৰ অৱদান অপৰিসীম৷ শংকৰদেৱ, দামোদৰদেৱ আৰু হৰিদেৱে অসমীয়া সমাজ খন সংস্কাৰ মূখী কৰি যোৱাৰ ফলশ্ৰুতিত সম্প্ৰতি সমাজত জাতি-ধৰ্মৰ ভেদাভেদৰ অৱসানৰ সূত্ৰপাত হয়৷"

শ্ৰীশ্ৰীদেৱ দামোদৰ ধাম পৰিচালনা সমিতিৰ উপদেষ্টা গোবিন্দ দাসে উদ্বোধন কৰা সভাত অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্য ভাষা প্ৰয়োগ উপ-সমিতিৰ আঞ্চলিক আহ্বায়ক তথা সাংবাদিক দামোদৰ তালুকদাৰে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ পুৱাৰ ভাগত ঊষা সংকীৰ্ত্তনৰ পাছত ধৰ্ম্মধ্বজা উত্তোলন কৰে শ্ৰীশ্ৰীদেৱ দামোদৰ ধাম পৰিচালনা সমিতিৰ উপদেষ্টা গংগাধৰ শৰণীয়াই৷ ইয়াৰ পাছত ধামৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা লক্ষী শৰণীয়াই স্মৃতি তৰ্পণৰ লগতে কলেন দাস আৰু সদস্যা জয়মতী দাসে বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে৷

পুৱা ১০-৩০ বজাৰ পৰা ধামৰ অভ্যৰ্থনা সমিতিৰ উপদেষ্টা ধ্ৰুৱ দাসে ভাগৱত পাঠ কৰাৰ সময়তে হোম যজ্ঞ কাৰ্যসূচীও ৰূপায়ন কৰা হয়৷ ভাগৱত পাঠৰ পাছত পাঠক আৰু নামতীৰ দ্বাৰা নাম প্ৰসংগ, সন্ধিয়া শ্ৰীশ্ৰীদেৱ দামোদৰ ধামৰ দেউৰী হৰিহৰ ৰাজবংশী আৰু কন্দৰ্প দাসৰ বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in