দৈনিক ভাস্কৰৰ বিৰুদ্ধে আয়কৰৰ অভিযানঃ উত্তপ্ত সদন শুক্ৰবাৰলৈ স্থগিত

দৈনিক ভাস্কৰৰ বিৰুদ্ধে আয়কৰৰ অভিযানঃ উত্তপ্ত সদন শুক্ৰবাৰলৈ স্থগিত

ডিজিটেল সংবাদঃ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বৃহস্পতিবাৰৰ দিনটো দুয়োখন সদন উত্তপ্ত হৈ পৰে। লোকসভাত বিৰোধী দলে ফোন টেপিঙৰ বিষয়ক লৈ সদন উত্তাল কৰি তোলে। কেন্দ্ৰীয় চৰকাৰৰ ওপৰত এই বিষয়ত ধাৰাবাহিক ভাৱে সদনত চাপ সৃষ্টি কৰি আহিছে বিৰোধী দলে। ইয়াৰ উপৰিও ৰাজ্যসভাতো বিৰোধী দলসমূহে এই বিষয়বোৰৰ উপৰিও ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী দৈনিক ভাস্কৰৰ ওপৰত মোডী চৰকাৰে আয়কৰ বিভাগৰ তালাচীৰে চাপ সৃষ্টি কৰি মুখবন্ধ কৰাৰ অপ চেষ্টা চলোৱাৰ বিষয়ক লৈ সদন উত্তপ্ত কৰি তোলে। যাৰ বাবে উচ্চসদনখন প্ৰথমে ২বজালৈ আৰু ইয়াৰ পাছত শুক্ৰবাৰলৈ স্থগিত ঘোষণা কৰিছে।

মন কৰিবলগীয়া যে নৰেন্দ্ৰ মোডী চৰকাৰে দেশত ইজাৰাইলী পেগাছাছৰ জৰিয়তে বিৰোধী নেতা, সাংবাদিক, উদ্যোগপতিকে ধৰি ৩০০ ব্যক্তিৰ ফোন টেপিং, ইমেইল হেকিঙৰ অভিযোগ উত্থাপনৰে বাৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনৰে পৰা সদন উত্তপ্ত হৈ আহিছিল। পেগাছাছৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, ইন্ধনজাতী সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি, কোৰোনা আদি বিষয়কলৈ সদন উত্তপ্ত হৈ আহিছে।

তাৰ মাজতে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান দৈনিক ভাস্কৰৰ বিৰুদ্ধে আয়কৰ বিভাগে তালাচী চলোৱা বিষয়টোক কেন্দ্ৰ কৰি বিৰোধী পক্ষ অধিক উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে। সংবাদ প্ৰতিষ্ঠানটোৱে চৰকাৰৰ ভুল নীতিক সমালোচনা কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে আয়কৰ বিভাগৰ জৰিয়তে সংবাদ গোষ্ঠাটোৰ মুখ বন্ধ কৰিব বিচাৰিছে বুলি অভিযোগ তুলিছে।

দেশত পেগাছাছৰ জৰিয়তে ফোন টেপিঙৰ বিৰুদ্ধে চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে দৈনিক ভাস্কৰে ১৫ বছৰ পূৰ্বে নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰীৰ হৈ থকাৰ সময়ত ৰাজ্যখনৰ বিৰোধী নেতাকে ধৰি বহু ব্যক্তিৰ ফোন টেপিঙৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে বাতৰি প্ৰচাৰ কৰিছিল। ইয়াৰ পাছতে আয়কৰ বিভাগে সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। দিল্লী, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আদিত থকা দৈনিক ভাস্কৰৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এই অভিযান চলাইছে দৈনিক ভাস্কৰে।

কেন্দ্ৰীয় চৰকাৰে আয়কৰ বিভাগৰ জৰিয়তে সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযান চলাই মুখ বন্ধ কৰাৰ অভিযোগ তুলিছে দেশৰ প্ৰায়বোৰ বিৰোধী দলে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আপ, সমাজবাদী পাৰ্টী আদিৰ নেতাই এই অভিযানৰ বিৰোধীতা কৰি মোডী চৰকাৰক সমালোচনা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in