বৃহস্পতিবাৰে আমছুৰ ৬ ঘন্টীয়া হোজাই জিলা বন্ধ,ডবকাত বন্ধৰ সৰ্বাত্মক প্ৰভাব…

বৃহস্পতিবাৰে আমছুৰ ৬ ঘন্টীয়া হোজাই জিলা বন্ধ,ডবকাত বন্ধৰ সৰ্বাত্মক প্ৰভাব…

ডিজিটেল সংবাদ,ডবকা : হোজাই জিলা উপায়ুক্তৰ স্বৈৰাচাৰী শাসন ,আৰু পক্ষপাতিতা মূলক আচৰনৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে হোজাই জিলা আমছুৱে ৬ ঘন্টীয়া হোজাই জিলা বন্ধ ঘোষণা কৰিছে ৷ পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈকে হব লগা এই বন্ধৰ প্ৰভাব জিলাখনৰ আন আন প্ৰান্তৰ সমান্তাৰলকৈ ডবকাতো সৰ্বাত্মক ৷

পুৱাৰে পৰা ডবকা চহৰৰ সমূহ ব্যৱসায়ীক প্ৰতিস্থান সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হৈছে ৷ বন্ধৰ কালছোৱাত বন্ধ সমৰ্থক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলোৱাৰ উপৰিওঁ উপায়ুক্তৰ বিৰুদ্ধ শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বন্ধৰ কালচোৱাত অৱশ্যে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ ইফালে বন্ধৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in