চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা…

চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা…

ডিজিটেল ডেস্ক : কেৰালাৰ থিৰুবন্তপুৰম বিমানবন্দৰে চাইক্লন বুৰেভিৰ বাবে সতৰ্কতা অবলম্বন কৰিছে । সতৰ্কতাৰ বাবে শুক্ৰবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা সন্ধিয়ৈ ৬ বজালৈ বিমান যাত্ৰা স্থগিত কৰিছে। সকলো যাত্ৰীসকলৰ সুবিধা অনুসৰি যাত্ৰা পুনৰ নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিমানবন্দৰ কেৱল জৰুৰীকালীন পৰিস্থিতিৰ বাবেহে খোলা থাকিব থাকিব ।

ইতিমধ্যে, কেৰালা চৰকাৰে ৰাজ্যৰ পাঁচখন জিলাত ছুটি ঘোষণা কৰিছে । জিলা কেইখন হ'ল তিৰুৱনন্তপুৰম, কোল্লাম, পাথনামথিতা, এলপাপুজাহা আৰু ইডুক্কি। ঘূৰ্ণী বতাহ বুৰেভি দুৰ্বল হৈছে বুলি ভাৰতীয় বতৰ বিভাগ (আই এম ডি)য়ে প্ৰকাশ কৰে । এই চাইক্লন ৪ ডিচেম্বৰৰ ৰাতিপুৱালৈকে অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । য'ত বায়ুৰ গতি ৪৫-৫৫ কিলোমিটাৰ ঘণ্টাৰ পৰা ৬৫ কিলোমিটাৰ ঘণ্টা হ'ব পাৰে বুলি সম্ভৱনা ব্যক্ত কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in