লাডাখত গামোচা উৰুৱালে অসমৰ ৰক্তোৎপলে, অসমীয়াৰ গুণ বখানিলে ইজৰাইলৰ পৰ্যটকে

লাডাখত গামোচা উৰুৱালে অসমৰ ৰক্তোৎপলে, অসমীয়াৰ গুণ বখানিলে ইজৰাইলৰ পৰ্যটকে

লাডাখত উৰিল অসমীয়া গামোচা। কান্ধত গামোচালৈ লাডাখত এজন অসমীয়া ছাত্ৰৰ মুখত 'জয় আই অসম' ধ্বনি। পিছে কোন এই ছাত্ৰ? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ পলাশ জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন।

'মোৰ কান্ধত গামোচাখন দেখি ইজৰাইলৰ পৰ্যটকেও চিঞৰি চিঞৰি সুধিছিল- অসমৰ পৰা আহিছে নেকি? কৈছিল- গামোচাখন তেওঁলোকৰ চিনাকী। মাজুলীত তেওঁলোক থাকি গৈছে। অসমৰ মানুহবোৰ ভাল বুলিও কৈছিল মোক।' চাইক্লিঙেৰে লাডাখত উপস্থিত হৈ এই অভিজ্ঞতা লাভ কৰিছিল মহানগৰীৰ এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰই। চাইক্লিং কৰি তেওঁ উপস্থিত হৈছিল লাডাখৰ খাৰডুংলাত।

এক দুঃসাহসিক কাৰ্য। লাডাখৰ সু উচ্চ গিৰিপথত অসমীয়া গামোচা লৈ এজন অসমীয়া যুৱক। বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধত তেওঁ আন কাম বাদ দি লাডাখলৈ ঢাপলি মেলিছিল।

বহুলোকৰ বাবে অসম্ভৱ এই কাম। যিটো সম্ভৱ কৰি তুলিছিল ছাত্ৰজনে। এখন চাইকেলেৰে পৃথিবীৰ সৰ্বোচ্চ গিৰিপথত আৰোহন কৰিছিল মহানগৰীৰ সৰলা বিৰলা জ্ঞানজ্যোতি স্কুলৰ দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰই।

লক্ষ্যত উপনীত হৈ আনন্দ লাভ কৰিছিলো।

১৫ জুলাইত মনালিৰ পৰা তেওঁ আৰম্ভ কৰিছিল এই যাত্ৰা। লক্ষ্যস্থান আছিল লাডাখৰ খাৰডুংলা। দুৰত্ব প্ৰায় ৫১২ কিলোমিটাৰ। মনালিৰ পৰা ঠাইখন আছিল ৬৩৯৮ ফুট উচ্চতাত। পথৰ অৱস্থাও শোচনীয় আছিল। চাইকেলতে বান্ধি লৈছিল সকলো প্ৰয়োজনীয় সামগ্ৰী।

মানুহে মন কৰিলে কৰিব নোৱাৰা কাম একো নাই। তাৰেই উদাহৰণ এই অসমীয়া ছাত্ৰজন। নাম তেওঁৰ ৰক্তোৎপল শইকীয়া। মহানগৰীৰ লালমাটিত ঘৰ ৰক্তোৎপলৰ। মাতৃৰ নাম ইৰানী শইকীয়া। পিতৃৰ নাম তাৰণী শইকীয়া।

সেই আনন্দ আছিল বুজাব নোৱাৰা…

১৫ কিলোগ্ৰাম ওজনৰ প্ৰয়োজনীয় সামগ্ৰীখিনি চাইকেলতে বান্ধি মনালিৰ পৰা তেওঁ আৰম্ভ কৰিছিল এই দুঃসাহসিক যাত্ৰা। লগত কোনো নাছিল। মাতৃয়ে বিমানযোগে দিল্লীলৈকে তেওঁক লৈ গৈছিল। তাৰ পিছত তেওঁ বাছেৰে গৈছিল মনালিলৈ। লগত দুটা প্ৰকাণ্ড বেগ। তাৰে এটাত আছিল চাইকেলৰ চকা, পেডেলকে আদি কৰি বিভিন্ন সামগ্ৰী। তেওঁৰ বেগতে আছিল চাইকেল মেৰামতিৰ বাবে প্ৰয়োজন হোৱা প্ৰতিটো সা-সৰঞ্জাম। মনালিত উপস্থিত হৈ চাইকেলখন তেওঁ চলাবৰ বাবে প্ৰস্তুত কৰি লৈছিল। কাৰণ গুৱাহাটীৰ পৰা যাওঁতে তেওঁ চাইকেলখনৰ প্ৰতিটো সামগ্ৰী খুলি লৈ গৈছিল।

সততে চাইকেল এখন বেয়া হ'লে পুনৰ মেৰামতি কৰি যাত্ৰা অব্যাহত ৰাখিব পৰা প্ৰতিটো সামগ্ৰী তেওঁৰ বেগত আছিল। স্থিৰ কৰি লোৱা লক্ষ্যৰ মতেই তেওঁ উপস্থিত হৈছিলগৈ লাডাখ। নিশাটো তেওঁ কটাইছিল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ টম্বুত। য'ত ২০০ ৰ পৰা ৩০০ টকাৰ বিনিময়তেই কোনো এজন লোকে নিশাটো কটোৱাৰ লগতে এসাঁজ খাব পাৰে। গ্ৰীষ্মকালত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই টম্বুসমূহ মুকলি কৰা হয়। যাতে কোনো লোকে লাডাখলৈ গ'লে কম খৰচত তাত থাকিব পাৰে।

লেহত নিশা কটাই অভিজ্ঞতা লাভ কৰিছিলো।

'লক্ষ্যস্থান মোৰ বাবে প্ৰয়োজনীয় কথা নহয়। প্ৰয়োজন হয় এটা যাত্ৰা। যাত্ৰা কৰিলে আমি লক্ষ্যস্থান পামেই।' ৰক্তোৎপলে এই মন্ত্ৰৰে আগবাঢ়িছিল লাডাখলৈ। সাহস হিচাপে লগত আছিল এখন গামোচা। আশা আছিল গামোচাখন লাডাখৰ এটা বৌদ্ধ মঠত বান্ধি থৈ আহিব তেওঁ। গামোচাখন বান্ধি কেনেদৰে অসমীয়াৰ আপোন এখন বস্ত্ৰ বৰ্হিঃৰাজ্যৰ লগতে বিদেশৰ মানুহক দেখুওৱাব পাৰি তাৰেই চেষ্টা কৰিছিল তেওঁ।

গামোচাখন বান্ধি থৈ আহিছিলো। এটা সপোন সঁচা হৈছিল তেতিয়া।

'মই কেবাটাও পাছ পাৰ হৈছিলো। ৰোটাং পাছৰ পৰা গৈ খাৰডুংলা পাইছিলোগৈ। সাহস আছিল গামোচাখন। কেতিয়াবা মাজে মাজে ভাগৰ লাগিছিল। তাতে অকলে আছিলো। গামোচাখন কেনেকৈ লাডাখত সকলোৱে দেখাকৈ থৈ আহিব পাৰো সেই কথা ভাবি মনত সাহস পাইছিলো।' এয়া ৰক্তোৎপলৰ মনৰ কথা। দ্বাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে লাডাখলৈ কৰা যাত্ৰাৰ কথা বৰ্ণনা কৰি কৈছিল এনেদৰে।

বাটে-পথে ৰৈ গৈছিল ৰক্তোৎপল…

১৫ জুলাইৰ পুৱা ৬.৩০ বজাত তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। প্ৰায় ১৮০০০ ফুট উচ্চতাত থকা খাৰডুংলা পাইছিলগৈ ২৪ জুলাইৰ সন্ধিয়াৰ ভাগত। উল্লেখ্য যে, ২৩ জুলাইত চাইক্লিষ্ট ছাত্ৰজন পাইছিল লেহ। পুনৰ ২৪ জুলাইৰ পুৱা তেওঁ লাডাখলৈ যাত্ৰা কৰিছিল। লেহৰ পৰা লাডাখলৈ এই যাত্ৰা আছিল প্ৰায় ৩৯ কিলোমিটাৰৰ। কিন্তু এই কাৰ্য সহজ নাছিল। কাৰণ পৰ্বতৰ শিখৰলৈ তেওঁ চাইকেল চলাই উঠিব লগা হৈছিল। এই উচ্চতা আছিল ২০০০ মিটাৰ। গুৱাহাটীৰ পৰা প্ৰায় শ্বিলঙলৈ চাইকেলেৰে যোৱাৰ দৰে আছিল এই যাত্ৰা।

মাজে মাজে তেওঁ চাইকেল বেয়া হ'লে ভালো কৰিব লগা হৈছিল। সকলো সা-সামগ্ৰী লগত লৈ গৈছিল। অৱশ্যে লাডাখৰ পৰা লেহলৈ পুনৰ পৰ্বতৰ পথেৰে ঘূৰি নামি আহিবৰ বাবে তেওঁক সময় লাগিছিল প্ৰায় দুঘন্টা। এয়া আছিল কোনো এটা কাম সফলভাবে কৰাৰ পিছত মনত লাভ কৰা সাহস। কোনো এটা কাম কৰি লাভ কৰা মানসিক পৰিতৃপ্তিয়ে যিকোনো লোককে দিব পাৰে মনত আনন্দ। যি আনন্দ লাভ কৰিছিল ১৭ বছৰীয়া এইজন ছাত্ৰই।

চিনাকী-অচিনাকী নামতহে। কেতিয়াবা আমাৰ বাবে চিনাকী হৈ পৰে অচিনাকী সকলো।

লাডাখত উপস্থিত হোৱাৰ সময়ত আন্ধাৰ হোৱাৰ বাবে তেওঁৰ মনত চিন্তাৰ উদ্ভৱ হৈছিল। কাৰণ তেওঁৰ সৈতে নাছিল কোনো লোক। তথাপিও কিবা এটা কাম সফলভাবে সমাপ্ত কৰি লাভ কৰা আত্মবিশ্বাসে তেওঁক সকলো সময়তে মনত সাহস দিছিল। এই যাত্ৰাৰ বাবে ৰক্তোৎপল শইকীয়াক লাগিছিল ১০ দিন। কিন্তু সাধাৰণতে কোনো এজন লোকে যদি নিজৰ সা-সামগ্ৰীসমূহ আন কোনো বাহন ব্যৱহাৰ কৰি লৈ যায় তেন্তে মনালিৰ পৰা লাডাখত উপস্থিত হোৱাৰ বাবে প্ৰয়োজন হয় ৬ দিনৰ সময়।

লাডাখত কান্ধত অসমীয়া গামোচা লৈ ৰক্তোৎপল…

বোজা বহন কৰিব লগা নহ'লে কোনো চাইকেলেৰে এজন পৰ্যটকে এদিনত যিমান পথ যাব পাৰে ৰক্তোৎপলক তাৰ বাবে প্ৰয়োজন হৈছিল দুদিন। 'দৈনিক মই ৪০ৰ পৰা ৬০ কিলোমিটাৰ চাইকেল চলাব পাৰিছিলো। মই ইন্টাৰনেটত ভ্ৰমণ সম্পৰ্কীয় বিভিন্ন লেখা পঢ়ি নিজকে প্ৰস্তুত কৰিছিলো। ইন্টাৰনেট ব্যৱহাৰ কৰি আমি বহু ইতিবাচক কাম কৰিব পাৰো। মোৰ যাত্ৰাটোত ইন্টাৰনেট ব্যৱহাৰ কৰি লাভ কৰা অভিজ্ঞতাই বিভিন্ন ধৰণেৰে সহায় কৰিছিল।' নিজৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কৈছিল ৰক্তোৎপলে।

সাহস বাঢ়িছিল। বেছি দূৰ নাই লক্ষ্যস্থানলৈ…

উল্লেখ্য যে, নিজে চাইকেল এখন মেৰামতি কৰিবৰ বাবে প্ৰয়োজন হৈছিল অনুশীলনৰ। এইক্ষেত্ৰত ৰক্তোৎপলক সহায় কৰিছিল ইনোছ আলী নামৰ এজন লোকে। 'লক্ষ্যস্থান পাওঁতে বুজাব নোৱাৰা এক অনুভৱ হৈছিল। যি বৰ্ণনা কৰি মই শেষ কৰিব নোৱাৰো। মোৰ এই সমগ্ৰ যাত্ৰাত আটাইতকৈ অনুপ্ৰেৰণা দিছিল মায়ে। মাজে মাজ মই ৰৈ গৈছিলো, ভাগৰ লাগিছিল। মনত পৰিছিল মালৈ। মই নোৱাৰো বুলি কোৱা কাম এটা কৰিবলৈ মোক মায়ে সাহস দিছিল। যি সাহসৰ বাবে মই সফল হৈছো।' এই সমগ্ৰ যাত্ৰাত সন্মুখীন হোৱা অসুবিধাৰ সময়ত মাতৃৰ পৰা লাভ কৰা সাহসৰ কথা বৰ্ণনা কৰি এনেদৰে ক'লে তেওঁ।

ঠাইখন বৰফাবৃত আছিল…

অসম বুলি কলেই প্ৰতিজন লোকৰে মনলৈ আহে গামোচাৰ কথা। সেই কথা মনত ৰাখিছিল এইজন যুৱকেও। যাৰ বাবে তেওঁ চাইকেলৰ পিছফালে বান্ধি লৈছিল এখন গামোচা। আশা আছিল অসমৰ পৰা অহা কোনো লোকে তেওঁক দেখিলে চিনি পাব। সেয়াই হ'ল। গুৱাহাটীৰ পৰা যোৱা কেইজনমান লোকে ৰক্তোৎপলক দেখি বাহনখন ৰখাই দিছিল। চিঞৰিছিল- তুমি অসমৰ পৰা আহিছা নেকি বুলি। অকলশৰীয়াকৈ এই যাত্ৰা কৰা দেখি বাটত ৰক্তোৎপলক সাহস দিছিল অসমৰ পৰা যোৱা লোককেইজনেও।

গামোচাখন বান্ধিবলৈ এনেকৈয়ে গৈছিলো…। মনত আনন্দ লভিছিল। মই এজন অসমীয়া।

চাইক্লিষ্ট হিচাপে ৰক্তোৎপলৰ আছে কিছু অভিজ্ঞতা। ২০১৭ চনত তেওঁ গুৱাহাটীৰ পৰা ডিব্ৰু-চৈখোৱালৈ চাইকেলেৰে যাত্ৰা কৰিছিল। যি কাৰ্যৰ বাবে তেওঁ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। 'যাযাবৰ' নামৰ এটা গোটৰ সৈতে তেওঁ ডিব্ৰু-চৈখোৱালৈ যাত্ৰা কৰিছিল। উল্লেখ্য যে, গোটটোৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু চাইক্লিষ্ট। লাডাখলৈ চাইকেল লৈ যোৱাৰ পূৰ্বে তেওঁ সৰুতে অভিভাৱকৰ সৈতে গৈছিল সেই স্থানলৈ। তেতিয়াৰ পৰাই পুহি ৰাখিছিল সপোন। যি সঁচাত পৰিণত হ'ল।

৩১ অক্টোবৰত কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্য্যাদা পাব লাডাখে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই ঐতিহাসিক সিদ্ধান্তই লাডাখবাসীৰ লগতে সমগ্ৰ দেশবাসীক উৎফুল্লিত কৰিছে। চৰ্চা চলিছে লাডাখৰ উপ ৰাজ্যপাল হ'ব পাৰে এজন অসমীয়া। কিন্তু সেয়া যিয়ে নহওঁক, এতিয়া লাডাখৰ সু-উচ্চ পৰ্বতত এজন অসমীয়াই নিজৰ জাতিৰ স্বাভিমানৰ পতাকা উৰুৱাই সঁচাকৈ ৰাজ্যবাসীক গৌৰৱাম্বিত কৰিছে। ৰক্তোৎপলৰ এই যাত্ৰাৰ ইয়াতে অন্ত নপৰক। আৰু আগবাঢ়ি যাওঁক এইজন অসমীয়া। গাই যাওঁক অসমীয়াৰ জয়গান। পৰ্বতৰ শিখৰত চিঞৰক 'জয় আই অসম'।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in