অৰুণাচল প্ৰদেশৰ পাছিঘাট চহৰৰ পৰা অসমৰ দুই যুৱকৰ গুৱাহাটীলৈ চাইকেল যাত্ৰা…

অৰুণাচল প্ৰদেশৰ পাছিঘাট চহৰৰ পৰা অসমৰ দুই যুৱকৰ গুৱাহাটীলৈ চাইকেল যাত্ৰা…

ডিজিটেল ডেস্ক : আজাদি কি অমৃৎ মহোৎসৱৰ লগত সংগতি ৰাখি এই দুই যুৱকে অসম আৰু অৰুণাচলৰ মাজত ভাতৃত্ববোধৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গ্ৰহণ কৰা চাইকেল যাত্ৰাৰ নাম দিছে সদভাৱ যাত্ৰা। কিন্তু এই দীঘলীয়া চাইকেল যাত্ৰাৰ আন এক উল্লেখযোগ্য উদ্দেশ্য আছে। সেয়া হৈছে অসম সাহিত্য সভাৰ আগন্তুক সভাপতি নিৰ্বাচনত অৰুণাচল প্ৰদেশৰ বৰেণ্য সাহিত্যিক য়েছে দৰজে ঠংচিক বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে অসমৰ ৰাইজক আহ্বান জনোৱা। ঠংচিৰ দৰে সাহিত্যিকক অসম সাহিত্য সভাৰ সভাপতি আসনত অধিষ্ঠিত কৰিলে অসম-অৰুণাচলৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া হ'ব বুলি আশা কৰি নৱ প্ৰজন্মৰ এইদুই যুৱক আবিদ আজাদ আৰু ছফিউজ জামানে চাৰিদিনীয়া চাইকেল যাত্ৰাৰে য়েছে দৰজে ঠংচিৰ সভাপতিত্বৰ সমৰ্থনত এই অভিযান আৰম্ভ কৰিছে। আজি পুৱাই অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ টাউন ক্লাবত দুয়োজনকে শুভ কামনা জনাই চহৰখনৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে। অৰুণাচল প্ৰদেশ লিটাৰেৰি চ'ছাইটিৰ কাৰ্যকৰী সভাপতি বাটেম পাৰ্টিনে দুয়োকে অভিনন্দন জনাই আৰু য়েছে দৰজে ঠংচি অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হ'লে অৰুণাচল প্ৰদেশৰ ৰাইজ আৰু সাহিত্যনুৰাগী অতি আনন্দিত হ'ব বুলি কয় ।

অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক, অসমীয়া ভাষাত কবিতা লিখা কবি কালিং ব'বাং,  লেখক মহন্ত' পাংগিং, পাছিঘাট কৃষ্টি কেন্দ্ৰৰ সভাপতি গিৰিণ তামুলী উপস্থিত থাকে। কালিং ব'ৰাঙে অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি আদি ভাষাতে যুৱকদ্বয়ৰ যাত্ৰা শুভ হোৱাৰ বাবে ডঞি-পল'ৰ ওচৰত প্ৰাৰ্থনা জনায়। দুয়োজন যুৱককে আদি জনগোষ্ঠীৰ গামোচাৰে আদৰণি জনোৱা হয়। পাছিঘাটৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ পথ চাইকেল চলাই আহি কাইলৈ যুৱকদ্বয় ইটানগৰত উপস্থিত হ'বহি। উল্লেখ্য যে অসম সাহিত্য সভাৰ সভাপতি পদত ঠংচিক সমৰ্থন কৰি চাইকেল যাত্ৰা কৰা যুৱকদ্বয় ধেমাজি, লক্ষীমপুৰ, বান্দৰদেৱা, নাহৰলাগুন, ইটানগৰ, গহপুৰ, বিশ্বনাথ,  চতিয়া, তেজপুৰ, কলিয়াবৰ, নগাঁও, জাগিৰোড হৈ অহা ১৬ আগষ্টত গুৱাহাটীত উপস্থিত হ'বগৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in