চিকিৎসালয়ত বন্দুকধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস, ৪জনৰ মৃত্যু

চিকিৎসালয়ত বন্দুকধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস, ৪জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ আমেৰিকাৰ চিকাগো চহৰত সোমবাৰে এজন বন্দুকধাৰী দুৰ্বৃত্তই এখন চিকিৎসালয়ত নিৰ্বিচাৰে গুলীচালনা কৰে৷ এই গুলীবৰ্ষণত ৪ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়৷ ইফালে দুৰ্বৃত্তক প্ৰতিৰোধ কৰিবলৈ যাওতে এগৰাকী আৰক্ষী বিষয়া আৰু বন্দুকধাৰী দুৰ্বৃত্তজন নিহত হয়৷

জানিব পৰা মতে, সোমবাৰে দিনত এজন লোকৰ সৈতে বন্দুকধাৰী দুৰ্বৃত্তজনে দক্ষিণ চিকাগোৰ মৰ্ছী হাস্পতালত বাৰ্তালাপ কৰি আছিল৷ ইয়াৰ পিছতে দুৰ্বৃত্তই বন্দুক উলিয়াই নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে৷

এই ঘটনা প্ৰত্যক্ষ কৰি চিকিৎসালয়ত উপস্থিত আৰক্ষীৰ এটা দলে দুৰ্বৃত্তক প্ৰতিৰোধ কৰিবলৈ গুলীবৰ্ষণ কৰাত বন্দুকধাৰী দুৰ্বৃত্তজন নিহত হয়৷ ইফালে, দুৰ্বৃত্তৰ গুলীত এজন আৰক্ষী বিষয়াসহ চিকিৎসালয়খনৰ এজন কৰ্মী আৰু এজন ৰোগীও নিহত হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in