কোৰোনা ভাইৰাছৰে যুঁজঃ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কৰিলে কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ শনিবাৰে জনতা ভৱনত কোভিড-১৯ প্ৰতিৰোধ সম্পৰ্কীয় বৰ্তমানৰ স্থিতি আৰু কাৰ্যব্যৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ টাস্ক ফ'ৰ্চৰ নিয়মীয়া বৈঠকখন অনুষ্ঠিত হয়। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্চয় কৃষ্ণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনৰ পিছতে দিয়া হয় কেবাটাও নিৰ্দেশ। মুখ্য সচিবগৰাকীয়ে দিয়া নিৰ্দেশ সমূহ এনেধৰণৰ-

১. ২৭ মাৰ্চ, ২০২০ তাৰিখে অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে কাৰমূপ (মহানগৰ) জিলাৰ উপায়ুক্তই গুৱাহাটীৰ ৬৬ টা স্থানত ভ্ৰাম্যমান বাহনৰ জৰিয়তে পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিছে। মুখ্য সচিবগৰাকীয়ে এই প্ৰক্ৰিয়া অটুট ৰাখিবলৈ আৰু প্ৰয়োজন সাপেক্ষে ইয়াৰ দ্বাৰা সামৰি লোৱা এলেকা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।

২. মুখ্য সচিবগৰাকীয়ে এই বৈঠকত "Assam Relief Manuals"-ৰ নিয়ম অনুসৰি ৰাজ্যখনৰ সকলো জিলাৰ উপায়ুক্তকে সংশ্লিষ্ট জিলাসমূহৰ নগৰীয়া এলেকাত বসবাস কৰা/আবদ্ধ হৈ থকা ৰিক্সাচালক, শ্ৰমিক সকলৰ দৰে দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা লোকসকললৈ ৭ দিনৰ বাবে বিনামূলীয়া সাহায্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে।

৩. মুখ্য সচিবগৰাকীয়ে লগতে এইটোও নিৰ্দেশ দিয়ে যে ব্ৰেড, বিস্কুট, খোৱাপানীৰ বটল আদিৰ উৎপাদন গোটসমূহৰ লগতে ৰাইচ মিল, চিৰা মিল, আটা মিল আদিয়ে নূন্যতম কৰ্মচাৰীৰ সৈতে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকৰ উৎপাদনৰ কাম অব্যাহত ৰাখিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in