লকডাউনৰ সময়ত বজাৰলৈও নিব নোৱাৰিব গাড়ী, চৰকাৰৰ আদেশ নামালিলে হ’ব জামিন বিহিনভাৱে এবছৰলৈ জে’ল

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বুধবাৰে কোৰোনা ভাইৰাছৰ প্ৰসংগত সংবাদমাধ্যমক সম্বোধন কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই।
  • মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ক'লে,
  • গেলামালৰ দোকান নথকা স্থানত গাড়ীৰে গৈ প্ৰশাসনে খাদ্য সামগ্ৰীৰ যোগান ধৰিব।
  • খাদ্য সামগ্ৰীৰ নাটনি হ'ব নোৱাৰে।
  • সৰু-সুৰা সমস্যা হ'ব পাৰে।
  • নাটনি হ'লে প্ৰশাসনে ব্যৱস্থা ল'ব।
  • এছডিএমএৰ কন্ট্ৰল ৰুমত জনাবলৈ আহ্বান।
  • বাহিৰত থাকি অসমলৈ অহা লোকসকলৰ বাবে সীমাত উপস্থিত হোৱাৰ পিছতে নিৰ্দিষ্ট জিলাৰ উপায়ুক্তই হোম কুৱাৰেন্টাইনৰ ব্যৱস্থা কৰিব।
  • খৰচ অসম চৰকাৰে বহন কৰিব।
  • চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে জিলা উপায়ুক্তসকল যোগাযোগত থাকিব।
  • আৰক্ষী সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই ক'লে,
  • লকডাউনৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ব্যৱস্থা লৈছে।
  • আৰক্ষী কিছু ক্ষেত্ৰত কঠোৰ হৈছে।
  • ৰাইজে নিয়ম উলংঘা কৰিলে আৰক্ষী কঠোৰ হ'বই।
  • যদি চৰকাৰে দিয়া আদেশ অমান্য কৰিলে জামিন বিহিনভাৱে এবছৰৰ বাবে জে'ল দিব পাৰে।
  • মিছা কথা ক'লে বা উৰাবাতৰি বিয়পালে আইটিএক্টতে নহয় দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ক্ষেত্ৰতো দোষী সাব্যস্ত হ'ব।
  • সাহাৰ্য বিতৰণত মিছা কথা ক'লেও দিব শাস্তি।
  • এছটিএফে ৰাজ্যৰ সকলো খবৰ ৰাখিছে।
  • জ্যেষ্ঠ বিষয়াসকলো নিযুক্ত হৈ আছে সকলো কামত।
  • পৰিচয় পত্ৰ নোহোৱাকৈ অত্যাৱশ্যকীয় সেৱাৰে জড়িত লোকক নুঘূৰিবলৈ আহ্বান।
  • ঘৰৰ আশে-পাশে গেলামালাৰ সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
  • এতিয়া ঘৰৰ কাষতে পাব গেলামালৰ সামগ্ৰী।
  • দৈনিক বজাৰো এতিয়া পূৰ্বৰ দৰে নহ'ব।
  • ১০০ মিটাৰ ব্যাসাৰ্ধতকৈ অধিক স্থানত হ'ব নোৱাৰিব বজাৰ।
  • বজাৰ কৰিবলৈ যাওঁতে নিব নোৱাৰিব গাড়ী।
  • বজাৰ কৰিবলৈ যাওঁতে গাড়ী নিনিবলৈও আহ্বান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in