সহযোগীক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে CRPF জোৱানে…

সহযোগীক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে CRPF জোৱানে…

সহযোগীক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে CRPF জোৱানে..,

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ চাত্ৰাত এগৰাকী চি আৰ ফি জোৱানে নিজৰ সহযোগীক নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই হত্যা কৰাৰ পিছত নিজেও একেটা ৰাইফলেৰে আত্মহত্যা কৰে।চি আৰ পি এফৰ জোৱান জনে এই ঘটনা কিয় সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা নাই যদিও ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশিত তথ্য অনুসৰি এই ঘটনা সংঘটিত কৰা চি আৰ পি এফ জোৱান জন মানসিক ভাৱে অস্থিৰ হৈ আছিল আৰু ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বে দুয়োজনৰ মাজত কোনো এক বিষয়ক লৈ তৰ্কৰ সৃষ্টি হৈছিল।

ঝাৰখণ্ডৰ চাত্ৰা জিলাৰ চিমৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত আইটিআই কলেজত স্থাপন কৰা ক'ভিড-১৯ ৰ এক আইশ্যলেছন কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।উল্লেখ্য যে, এই কেন্দ্ৰটোৰ সুৰক্ষাৰ দায়িত্বত আছিল চি আৰ পি এফৰ ১৯০ নং বেটেলিয়ন। এই বেটেলিয়নৰে জোৱান কালু ৰামে নিশা সহযোগী ৰবিন্দ্ৰ কুমাৰক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে। ঘটনা সংঘটিত কৰা কালু ৰামৰ ঘৰ হাৰিয়ানা আৰু ৰবিন্দ্ৰ কুমাৰ ঘৰৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in