আসন্ন নগা চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ড সুৰক্ষা ব্যৱস্থা পৰ্যালোচনা চি আৰ পি এফ — আছাম ৰাইফলছৰ

আসন্ন নগা চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ড সুৰক্ষা ব্যৱস্থা পৰ্যালোচনা চি আৰ পি এফ — আছাম ৰাইফলছৰ

ডিজিটেল সংবাদ,বেকাজান : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নগা ৰাজনৈতিক সমস্যাটো চলিত ছেপ্টেম্বৰ মাহৰ ভিতৰতে সমাধান কৰাৰ উদ্দেশ্যে চূড়ান্ত নগা চুক্তি সম্পাদন কৰিবলৈ সময় সীমা বান্ধি দিয়া পৰিপ্ৰেক্ষিতত সম্প্ৰতি নতুন দিল্লীত এন এছ চি এন , গ্লবেল নগা ফ'ৰাম , এন এন জি পি আৰু ৱৰ্কিঙ কমিটিৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে । কিয়নো চূড়ান্ত চুক্তি স্বাক্ষৰ সময় সীমা শেষ হবলৈ আৰু মাত্ৰ পাঁচটা দিন বাকী থকা অৱস্থাত সুকীয়া পতাকা আৰু সংবিধান বিষয়ত গতিৰোধ অব্যাহত থকাত আলোচনাই বিশেষ সফলতা লাভ কৰিব পৰা নাই । কিন্তু ইয়াৰ মাজতে নাগালেণ্ডৰ আইন শৃংখলা আৰু সুৰক্ষা পৰিস্থিতিকলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

যিকোনো মুহূৰ্তত আসন্ন চূড়ান্ত নগা চুক্তি স্বাক্ষৰৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ডৰ শৃংখলা পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আছাম ৰাইফলছ আৰু কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী অৰ্থাৎ চি আৰ পি এফক অধিক সতৰ্ক কৰি দিয়া হৈছে । অলপতে চি আৰ পি এফৰ আই জি ৰণদীপ দত্তই ক'হিমা ভ্ৰমণ কৰি নাগালেণ্ডৰ অভিযান শাখাৰ ডি আই জি পি শ্যামচন্দৰ সৈতে আলোচনাত মিলিত হৈ নাগালেণ্ডৰ শেহতীয়া সুৰক্ষা ব্যৱস্থাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে । চি আৰ পি এফৰ আই জি ৰনদীপ দত্ত আৰু আছাম ৰাইফলছৰ আই জিয়ে পিছত নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি, মুখ্য সচিব আৰু গৃহ আয়ুক্তক পৃথকে পৃথকে সাক্ষাৎ কৰি আইন শৃংখলা আৰু সুৰক্ষা ব্যৱস্থা বিষয়ে অৱগত কৰে ।

ইফালে নগা বিদ্ৰোহী সংগঠন এন চি এছ চি ইছাক- মুইভা গোটে ভাৰত চৰকাৰক চূড়ান্ত নগা চুক্তি সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটাৰ আধাৰত কৰিবলৈ আহবান জনাইছে । জানিব পৰামতে চলিত ছেপ্টেম্বৰ মাহ অন্ত হবলৈ আৰু মাত্ৰ পাঁচটা দিন বাকী আছে এনে অৱস্থাত নাগালেণ্ডৰ নগা জনসাধাৰণ নগা চূড়ান্ত চুক্তিক প্ৰবলভাৱে উৎকণ্ঠিত হৈ পৰিছে। জানিব পৰামতে সুকীয়া পতাকা আৰু সংবিধান বিষয় দুটাৰ বাদে ভাৰত চৰকাৰৰ সৈতে এন এছ চি আই এমৰ সকলো বিষয় ইতিমধ্যে নিস্পত্তি হৈছে । ভাৰত চৰকাৰে কৈছে যে নগা চুক্তি স্বাক্ষৰ কৰাৰ পিছত নিস্পত্তি নোহোৱা বিষয়বোৰ গণতান্ত্ৰিক আলাপ – আলোচনাৰ মাধ্যমেৰে আগুৱাই লৈ যোৱা হ'ব ।

কিন্তু এই সন্দৰ্ভত এন এছ চি এনক সৈমান কৰোৱাত ভাৰত চৰকাৰ বিফল হয় । কিন্তু ইয়াৰ মাজতো এন এছ চি এনৰ মুখ্য আলোচনাকাৰী থুইংগালেঙ মুইভা, সভাপতি কিউ টুচ্ছু, উপসভাপতি থংমেথ ৱাঙনাও কন্যাকসহ সামূহিক নেতৃত্বৰ দলে অনানুষ্ঠানিক বৈঠকৰ জৰিয়তে দিল্লীত কেন্দ্ৰীয় চোৰাংচোৱা বিষয়াসকলৰ সৈতে আলোচনাৰ গতিৰোধ দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইফালে গ্লবেল নগা ফ'ৰামৰ নগা মাদাৰ এছচিয়েচনে থুইংগালেঙ মুইভা, কিউ টুচ্ছু আৰু থংমেথ ৱাঙনাও কন্যাক নগা সমস্যাৰ প্ৰতি সংবেদনশীল হৈ সকলো নগা অধ্যুষিত এলেকা সামৰি শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ আহবান জনায় । তেওঁলোকে সশস্ত্ৰ বিদ্ৰোহে নগা নাৰী আৰু যুৱ প্ৰজন্মৰ ওপৰত পেলোৱা প্ৰভাৱৰ কথা অৱগত কৰে ।

ইফালে ম্যানমাৰস্থিত এন এছ চি এন খাপলাঙ গোটৰ সভাপতি ন্যামলাঙ কন্যাক আৰু খাংগো কন্যাক গোটৰ পৰা বহিস্কৃত সেনাধ্যক্ষ নিকি চুমীয়ে ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতিত চামলি হবলৈ এন এছ চি এন ৰিফামেচন গোটত যোগ দিছে । নগা নেচনেল পলিটিকেল গ্ৰুপ ইতিমধ্যে ছয়টা সশস্ত্ৰ গোটক চুক্তি আওতালৈ আনিছে । জানিব পৰামতে ভাৰত চৰকাৰে নগা চুক্তি স্বাক্ষৰ সময়তে বিদ্ৰোহীসকলৰ পুনৰ সংস্থাপন বাবে বৃহৎ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে । উল্লেখ আসন্ন চূড়ান্ত নগা চুক্তি নিৰ্ভৰ কৰিছে নাগালিমৰ সুকীয়া পতাকা আৰু সংবিধানৰ দাবী ভাৰত চৰকাৰে মানি লোৱা – নোলোৱাৰ ওপৰত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in