লালকিল্লাত বাৰ্ড ফ্লুত কাউৰীৰ মৃত্যু,দৰ্শনাৰ্থীৰ বাবে ২৬ জানুৱাৰীলৈ বন্ধ…

লালকিল্লাত বাৰ্ড ফ্লুত কাউৰীৰ মৃত্যু,দৰ্শনাৰ্থীৰ বাবে ২৬ জানুৱাৰীলৈ বন্ধ…

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে বাৰ্ড ফ্লুত আক্ৰমনৰ ঘটনা বৃদ্ধি হৈছে । লালক্ল্লাত বাৰ্ড ফ্লুত আক্ৰান্তহৈ কাউৰীৰ মৃত্যু হয় । কাউৰীৰ মৃত্যুৰ ফলত লালকিল্লাৰ স্মাৰক ভৱনটোত প্ৰবেশ নিষিদ্ধ কৰা হৈছে । বাৰ্ড ফ্লুৰ বাবে সতৰ্কতা মূলক ব্যৱস্থা হিচাপে ২৬ জানুৱাৰীলৈ লালকিল্লা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে ।

দিল্লী চৰকাৰৰ পশুপালন বিভাগৰ পৰিচালক ৰাকেশ সিঙে জানিব দিয়া অনুসৰি কেইদিনমান আগত লালকিল্লাত প্ৰায় ১৫ টা কাউৰী মৃত অৱস্থাত পোৱা গৈছিল । পক্ষী সমূহৰ নমুনা পৰীক্ষাৰ বাবে জালন্ধৰত থকা গৱেষনাগাৰলৈ প্ৰেৰণ কৰা হয় । সতৰ্কতামূলক ব্যৱস্থাৰ বাবে ২৬ জানুৱাৰীলৈ লালকিল্লটো বন্ধ ৰখা হ'ব বুলি সিঙে জানিব দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in