বিৰিয়ানীত কাউৰীৰ মাংসঃ গ্ৰেপ্তাৰ ২

বিৰিয়ানীত কাউৰীৰ মাংসঃ গ্ৰেপ্তাৰ ২

ডিজিটেল ডেস্কঃ পথৰ কাষৰ বিক্ৰী কৰা খাদ্য খাই আপুনি ভাল পায় নেকি! যদিও পদপথৰ কিছু খাদ্য অত্যাধিক সুস্বাদু হয় তথাপি অচিনাকি ঠাইত বা অচিনাকি ব্যৱসায়ীৰ পৰা আপুনি পৰাপক্ষত নাখাব এনে খাদ্য। বিশেষকৈ বিৰিয়ানী, মাংসৰ দৰে খাদ্যৰ পৰা আপুনি অচিনাকী ঠাইত আতৰি থাকক। শেহতীয়াকৈ তামিলনাডুত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা।

তামিলনাডুৰ ৰামেশ্বৰম মন্দিৰৰ সমীপতে বিৰিয়ানী আৰু মাংসৰ পকোৰা, ললিপপ জাতীয় খাদ্য সামগ্ৰী বেচা বহু দোকান আছে। কিন্তু কিছুদিনৰ পূৰ্বে কিছু লোকে এই পদপথৰ ব্যৱসায়ীসকলৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল যে, বিৰিয়ানী আৰু অন্যভাগে বেচা মাংসৰ সৈতে ব্যৱসায়ীসকলে বেচে কাউৰী আৰু কুকুৰ মাংস। কুকুৰাৰ মাংস বুলি কাউৰী আৰু কুকুৰ মাংস বেচা অভিযোগ পাই ৰামেশ্বৰমৰ খাদ্য বিভাগে পদপথৰ দোকান সমূহত চলাইছিল অভিযান।

খাদ্য বিভাগৰ এই অভিযানতে সকলো ঘটনা পোহৰলৈ আহে। গ্ৰাহকৰ অভিযোগ সত্য প্ৰমাণিত কৰি বিৰিয়ানীত ওলাল কাউৰী মাংস। আনহাতে অন্যভাগে বেচা কিছু মাংসৰ মাজত পোৱা গ'ল কুকুৰৰ মাংস। ইতিমধ্যে খাদ্য পৰীক্ষণ বিভাগে আৰক্ষীক গতাই দিছে দুজন লোকক। ৰামেশ্বৰম মন্দিৰৰ পূজাৰীসকলেও বিগত কিছু দিনৰ পৰা অঞ্চলটোত কাউৰীৰ সংখ্যা হ্ৰাস পোৱাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in