ঢকুৱাখনাৰ পৰম্পৰাগত সোণালী সূতা শিল্পৰ অস্তিত্বলৈ সংকট,৫৯ বছৰীয়া মুগা সঁচ উন্নয়ন প্ৰকল্পৰ শ্মশান যাত্ৰা…

ঢকুৱাখনাৰ পৰম্পৰাগত সোণালী সূতা শিল্পৰ অস্তিত্বলৈ সংকট,৫৯ বছৰীয়া মুগা সঁচ উন্নয়ন প্ৰকল্পৰ শ্মশান যাত্ৰা…

ডিজিটেল সংবাদ,ঢকুৱাখনা : সোণালী সূতাৰ প্ৰাচুৰ্যক্ষেত্ৰ ঢকুৱাখনাৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ কৌটিকলিয়া ৰেচম শিল্পৰ অস্তিত্বৰ প্ৰতি দিনক দিনে নামি আহিছে চৰম ভাবুকি। ৰজা ঘৰীয়া আৰু প্ৰজা ঘৰীয়া সৃষ্ট সীমাহীন প্ৰতিবন্ধকতাই প্ৰচুৰ সম্ভাৱনাময় পৰম্পৰাগত শিল্পটোলৈ নমাই আনিছে অশনি সংকেত। পৰিবেশ সংৰক্ষণ , স্বনিয়োজনৰ লগতে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণত মেটমৰা অৱদান আগবঢ়াই অহা ঢকুৱাখনা মহকুমাৰ ৰেচম শিল্পৰ প্ৰতি চৰকাৰী আৰু বেচৰকাৰী ভাবে নামি অহা অনাকাংক্ষিত প্ৰতিবন্ধকতাই ৰেচম শিল্প নিৰ্ভৰ চহা পৰিয়াল সমূহৰ ভূত ভৱিষ্যত অন্ধকাৰাচন্ন কৰি তোলাই নহয় ৰেচম শিল্পতোৰ অস্তিত্বলৈকো নমাই আনিছে মহা সংকট।

সংগৃহীত তথ্য মতে সোৱণশিৰী , কঢ়া ,চাৰিকঢ়িয়া আৰু চামপৰা নদীৰ অববাহিকা অঞ্চলত পৰম্পৰাগত ভাৱে শতিকা ধৰি ১০ সহস্ৰাধিক গঞা কৃষিজীৱী ৰেচম পৰিয়ালে ঋতুকালিন মুগা পালনেৰে প্ৰচুৰ ভাবে লাভান্বিত হৈ আহিছে। মহকুমাটোৰ প্ৰায় ৬০০ হেক্তৰ নিজা ভূমিত চহা পৰিয়াল সমূহে নিজস্ব ভাবে স্থাপন কৰা চুমনিত গঞাই চলাই অহা ঋতুভিত্তিত বিভিন্ন প্ৰজাতিৰ বৰ মুগা খেতিত এতিয়া প্ৰধান প্ৰতিবন্ধক হিচাবে থিয় দিছে কাঠফুলাৰ দৰে গঢ়ি উঠা চাহ খেতিৰ লগতে অন্যান্য খেতিত অবৈজ্ঞানীক আৰু কাৰিকৰী জ্ঞানবিহীন ভাবে প্ৰয়োগ কৰা ৰাসায়নিক সাৰ , জৈৱিক – ৰাসায়নিক কীটনাশক প্ৰয়োগ আৰু ভয়ানক হাৰত মানৱ সৃষ্ট পৰিবেশ প্ৰদূষনে । গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ প্ৰধান সম্বল স্বৰূপ ঢকুৱাখনীয়াৰ এই একক ৰেচম শিল্পৰ এনে শ্মশান যাত্ৰাকলৈ উদ্বিগ্ন গঞা মুগাপালক সকল।

কৌটিকলিয়া পৰম্পৰা অব্যাহত ৰাখি মহকুমাটোৰ ১০ সহস্ৰাধিক ৰেচম পৰিয়ালে পুৰুষ পুৰুষ ধৰি চলাই অহা এই মুগা খেতিৰ উৎপাদনৰ হাৰ ভয়ানক ভাবে হ্ৰাস পাই আহিছে এনেবোৰ কাৰকৰ বাবে। বিগত দিনবোৰৰ তুলনাত সাম্প্ৰতিক সময়ত মুগা খেতিত নিত্য নতুন ভেঁকুৰ আৰু বেক্টেৰিয়া যুক্ত (Bt) ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু ৰাসায়নিক বিষক্ৰিয়াৰ ফলত হোৱা বায়ু প্রদূষণৰ বাবে মুগা খেতিৰ
উৎপাদনশীলতা দ্ৰুত গতিত হ্ৰাস পাই আহিছে।

বৃহত্তৰ মহকুমাটোৰ চহা মুগা পালক সকলৰ নিজস্ব আওপুৰণি মুগা পালন পদ্ধতিৰ বিপৰীতে বিজ্ঞান মনস্কতাৰে, আধুনিক কৌশল প্ৰয়োগেৰে ৰেচম পালনৰ কোনো উপায় উদ্ভাৱন নোহোৱাৰ বাবেই সাম্প্ৰতিক সময়ত সীমাহীন প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক হেঙাৰ নেওচি প্ৰচুৰ শ্ৰম কৰিও সীমিত উৎপাদনতে আবদ্ধ থাকিব লগা হৈছে কষ্টসহিষ্ণু মুগা পালক সকল।

তাৰোপৰি বৃহত্তৰ মহকুমাটোৰ গ্ৰাম্য অৰ্থনীতি সবলিকৰণত অভূতপূৰ্ব অৱদান আগবঢ়াই অহা ৰেচম শিল্পৰ প্ৰতি অন্য এক প্ৰধান সমস্যা হিচাবে দেখা দিছে গুণগত সঁচৰ ব্যাপক অভাৱে। প্ৰাপ্ত পৰিসাংখ্যিক তথ্য অনুসৰি প্ৰতি হেক্টৰ মুগা চুমণিত প্ৰয়োজন প্ৰায় ২ হাজাৰ খৰিকাৰ। সেই অনুসৰি এবাঁহ বৰমুগাত প্ৰায় ১২লাখ খৰিকাৰ প্ৰয়োজন আৰু তাৰ অনুপাতে বৃহত্তৰ ঢকুৱাখনাৰ নিয়মীয়া ৰেচম পালক সকলৰ বাবে এবাঁহ মুগাত প্ৰয়োজন হয় প্ৰায় ৩৬ লাখ সঁচৰ ।

কিন্তু ৰেচম পালনৰ বাবে প্রয়োজনীয় চুম, সুৱালোঁ আদি গছেৰে উভৈনদী হৈ থকা মুগা চুমনি সমূহত প্ৰভূত উৎপাদনশীলতাৰ সম্ভাৱনা থকা স্বত্তেও মহকুমাটোত উপলব্ধ হয় মাত্ৰ প্ৰায় ২২ শতাংশ সঁচহে। বাকী ৭৮ শতাংশ মুগা পালক নিৰ্ভৰশীল হব লগা হয় বৰ্হি ৰাজ্যৰ সঁচৰ ওপৰত। যিটো অত্যন্ত ব্যয়বহুল কষ্টসাধ্য আৰু অনিশ্চিত গুণ সম্পন্ন। এনেবোৰ কাৰকৰ বাবে তুলনামূলক ভাবে আৰু হতাশ জনক ভাবে ক্ৰমাৎ হ্ৰাস পাই আহিছে সোণালী সূতাৰ প্ৰাচুৰ্য ক্ষেত্ৰৰ সোণৰ চেঁকুৰা স্বৰূপ বৰমুগা উৎপাদন আৰু পালকৰ সংখ্যা ।

সংগৃহীত তথ্য মতে প্ৰতি গৰাকী মুগা পালকে বেমাৰৰ বাবে ৪৫ শতাংশ , চৰাই , মাখি ,পৰুৱা প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে প্ৰায় ২৫ শতাংশ সৰ্বমুঠ ৭০শতাংশ লোকচান কৰি মাত্ৰ ৩০ শতাংশ উৎপাদনহে গড়ে লাভ কৰিবলৈ সক্ষম হৈছে কষ্ট সহিষ্ণু মুগা পালক সমাজে ।

তথাকথিত ব্যয়বহুল "মুগা মিচন"ৰ লক্ষ্য উদ্দেশ্য ধূলিস্যাৎ হোৱা ঢকুৱাখনাত যুগ যুগ ধৰি চহা মুগা পালক সকলে নিজৰ কষ্ষ্টোপালিত চুমনিত, শ্ৰম – ধন প্ৰয়োগ কৰি অব্যাহত ৰখা ৰেচম শিল্পৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ নিৰলস প্ৰয়াসৰ বিপৰীতে ঢকুৱাখনাৰ ৰেচম বিভাগে এই প্ৰচুৰ সম্ভাৱনাপুৰ্ন মুগা উদ্যোগৰ প্ৰতি গ্ৰহণ কৰি আহিছে দায়িত্বহীন আৰু প্ৰতাৰণামূলক ভূমিকা।

ঢকুৱাখনা মহকুমাত ৰেচম পালক সকলৰ মাজত উপলব্ধ নিজস্ব আন্তঃগাঁথনিৰে বছৰি ১৪৯ কোটি টকাৰ উৎপাদন সম্ভাৱনা হোৱাৰ সমান্তৰাল ভাৱে মহকুমাটোৰ প্ৰতি গৰাকী মুগা পালকৰ বছেৰেকীয়া গড় আয় ১লাখ ৪৪ হাজাৰ টকা হোৱাৰ লগতে কেৱল মুগা খেতিৰ পৰাই ১৭ লাখ কৰ্মদিনৰ সৃষ্টি হোৱাৰ পথ প্ৰশস্ত হৈ আহিছে। ইমানৰ পাছতো ৰেচম বিভাগৰ অভিলাসী "মুগা মিছন"ৰ কোনো ফলপ্ৰসূ আঁচনীয়ে স্পৰ্শ কৰিব নোৱাৰা ঢকুৱাখনাৰ মুগা চুঙিয়াৰ মুঠ সাম্ভাব্য উৎপাদনৰ মাত্ৰ ৩০ শতাংশতে সীমাবদ্ধ হৈ ৰব লগা হৈ আহিছে। তৎস্বত্তেও নিজস্ব ৰেচম শিল্পৰ পৰম্পৰা অবিৰাম গতিত অব্যাহত ৰাখি মহকুমাটোৰ গঞা মুগা পালক সকলে জীৱন জীৱিকাৰ ঈর্ষণীয় প্ৰচেষ্টা চলাই আহিছে।

মহকুমাটোৰ ১০ সহস্ৰাধিক মুগা পালকৰ একান্ত নিজস্ব প্ৰচেষ্টাই উজ্জীৱিত কৰি ৰখা ৰেচম শিল্পৰ উৎপাদন আৰু বাণিজ্যিকিকৰণ ক্ষেত্ৰখনৰ বিপৰীতে ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ তৎপৰতা অতিকে নিৰাশজনক আৰু হতাশজনক। ১৯৬২ চনতে ৰাজ্য চৰকাৰে ঢকুৱাখনা সদৰত স্থাপণ কৰা মুগা সঁচ উন্নয়ন প্ৰকল্পটো সম্প্ৰতি কেৱল চৰকাৰী আবন্তিত পুঁজি উদৰস্থ কৰাৰ আহিলালৈ পৰ্যবসিত হৈ আহিছে।

প্ৰায় ২১২ বিঘা ভূমিত স্থাপিত এই ৫৯ বছৰীয়া পুৰণি মুগা ফাৰ্মখন ৰেচম বিভাগৰ কাণ্ডজ্ঞানহীনতা আৰু গুৰুত্বহীনতাৰ বাবে এচাম বেদখলকাৰীৰ কৰাল গ্ৰাসত পৰাৰ লগতে একাংশ মুনাফালোভী বেপাৰীৰ উচিষ্ট সামগ্ৰীৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবসিত হৈছে। তাৰোপৰি কেৱল চৰকাৰী বেতন লবলৈ খাপ পিটি থকা এচাম বিষয়া কৰ্মচাৰীৰ অকমন্যতা আৰু অদক্ষ পৰিচালনাৰ বাবে বৃহৎ এলেকাৰ মুগা চুমনিখন হাবি জংঘল, অপতৃণৰে ভৰি পৰিছে ।

ৰেচম ফাৰ্মখনৰ দায়িত্ববাহী অধীক্ষক , পৰিদৰ্শক আৰু জিলাৰ শীর্ষ আমোলা বিষয়া সকলৰ অমনোযোগিতাৰ বাবে অস্তিত্বৰ সংকটত ভোগা মুগা সঁচ উন্নয়ন প্ৰকল্পটোলৈ আবন্তিত "মুগা মিচন"ৰ বিশাল চৰকাৰী পুঁজিৰ নামটো ভয়ংকৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। তেনেদৰে ৰেচম খেতিৰ অভাৱ – সমস্যা, ৰোগ ব্যাধিৰ স্থায়ী নিৰাময়ৰ বাবে মৌলিক গৱেষণাৰ প্ৰয়োজনীয়তা দোহাৰি ঢকুৱাখনা সদৰত স্থাপিত ৰেচম গৱেষণা কেন্দ্ৰটোৰ ভেঁটিত এতিয়া তিতালাও গজিল।

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ,গ্ৰাম্য অৰ্থনীতি সৱলীকৰণত প্ৰভূত অৰিহণা যোগাই অহা ঢকুৱাখনা মহকুমাৰ ৰেচম খেতিক চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতাত শ্মশান যাত্ৰামুখী কৰাৰ উজ্জ্বল দৃষ্টান্ত হৈছে ঢকুৱাখনাৰ সদৰত অৱস্থিত দুই ৰেচম প্ৰতিষ্ঠান। দৰিদ্ৰ পৰম্পৰাগত মুগা পালক সমাজৰ অৰ্থনৈতিক পৰিকাঠামোত প্ৰচণ্ড কোঠাৰাঘাত কৰি চৰকাৰী বিভাগ এটাত বজা মৃত্যু ঘণ্টাৰ পাছতো ৰাজ্যিক ৰেচম বিভাগে গ্ৰহণ কৰিছে নিৰ্লজ ভাবে মুক বধিৰৰ ভূমিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in