অৰুণাচলৰ ডিএছপি হত্যাকাৰী দূৰ্ধৰ্ষ অপৰাধী টাগ্যুং য়াংফো নিহত

অৰুণাচলৰ ডিএছপি হত্যাকাৰী দূৰ্ধৰ্ষ অপৰাধী টাগ্যুং য়াংফো নিহত

ডিজিটেল সংবাদ, ইটানগৰঃ ২০১৬ চনত এজন উপ-আৰক্ষী অধীক্ষকক গুলিয়াই হত্যা কৰা টাগ্যুং য়াংফো অবশেষত আৰক্ষীৰে হোৱা এক সংঘৰ্ষত আৰক্ষীৰ গুলিত নিহত হয় ৷ ৱেষ্ট কামেং জিলাৰ ডিৰাঙৰ ৰাম কেম্প নামৰ ঠাইখনত শনিবাৰে নিচেই পুৱাতে আৰক্ষীৰে হোৱা সংঘৰ্ষত টাগ্যুং নিহত হয়৷

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ইষ্ট কামেং জিলাৰ চায়েংটাজো নামৰ ঠাই খনৰ য়াংফো বস্তিত ২০১৬ চনৰ ১৩ আগষ্টৰ নিশা আত্মগোপন কৰি থকা দূৰ্ধৰ্ষ অপৰাধী টাগ্যুঙক ঘেৰাও কৰি ধৰিছিল উপ আৰক্ষী অধীক্ষক বমটু কামডাকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ৷ কিন্তু টাগ্যুঙে ডি এছ পি কামডাকক লক্ষ্য কৰি লুকাই থকা ঘৰটোৰ ভিতৰৰ পৰা সুযোগ বুজি এ কে ৪৭ ৰাইফলেৰে গুলিচালনা কৰিছিল ৷ সেই ঘটনাত টাগ্যুঙৰ গুলিত নিহত হৈছিল ডি এছ পি বমটু কামডাক ৷

আৰক্ষীয়ে টাগ্যুঙক উদ্দেশ্যি কৰা গুলিচালনাত নিহত হৈছিল এগৰাকী নিৰিহ মহিলা ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ টাগ্যুঙ পলাই গৈছিল আৰু প্ৰায় ৪০ মাহ পলাই ফুৰিছিল ৷ হত্যা, ধন দাবী, অপহৰণ, মাৰ-পিট আদি নানান অপৰাধী কাৰ্যত সঘনাই জড়িত টাগ্যুক পূৰ্বতে নাহৰলগুনৰ পৰা বমটু কামডাক নামৰ আৰক্ষী বিষয়াজনেই গ্ৰেপ্তাৰ কৰিছিল ৷ পাছত ইষ্ট কামেং জিলাৰ এটা গোচৰত নাহৰলগুনৰ পৰা চেপা থানালৈ লৈ যোৱা হৈছিল টাগ্যুঙক ৷

কিন্তু চেপা আৰক্ষী থানাৰ পৰা পলায়ন কৰিছিল টাগ্যুঙে ৷ ২০১৪ চনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰা টাগ্যুঙৰ সন্ধান পাই বমটু কাডাক নামৰ সাহসী বিষয়াজনে গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল যদিও পাছে কৰুণভাবে মৃত্যুক সাবটি ল'ব লগা হয় ৷ সেই সময়ত কামডাকে তেওঁৰ পত্নী আৰু ১১ মহীয়া একমাত্ৰ সন্তানক এৰি থৈ গৈছিল ৷ এজন সাধাৰণ অপৰাধীয়ে ডি এছ পি এজনক এ কে ৪৭ ৰাইফলেৰে গুলিয়াই হত্যা কৰাক লৈ কেইবামাহো ইটানগৰত প্ৰতিবাদ কৰিছিল দল-সংগঠনে ৷ কিন্তু আৰক্ষীয়ে টাগ্যুঙৰ সন্ধান দিওতালৈ পাঁচলাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ বাহিৰে কোনো সফলতা লাভ কৰা নাছিল ৷

তিনিবছৰৰ পাছত শনিবাৰে ডিৰাঙত হোৱা সংঘৰ্ষত বমটু কামডাকৰ হত্যাকাৰী টাগ্যুং য়াংফোক আৰক্ষীয়ে গুলিয়াই হত্যা কৰিবলৈ সক্ষম হয় ৷ কিন্তু টাগ্যুঙৰ মৃত্যুৰ লগে লগে তাৰ হাতলৈ এ কে ৪৭ ৰাইফল কেনেকৈ আহিছিল সেই অধ্যায়ো ৰহস্যয়েই থাকি গ'ল৷ আৰক্ষীৰ চোৰাংচাৱা সুত্ৰ মতে অসমৰ এটা উগ্ৰপন্থী সংগঠনে অৰুণাচল প্ৰদেশত বহু কেইটা এ কে ৪৭ ৰাইফল ভাড়াত দি থৈছিল আৰু তাৰে এটা টাগ্যুঙৰ হাতত আছিল ৷

আৰক্ষীয়ে জনোৱা মতে টাগ্যুঙে সেই এ কে ৪৭ ৰাইফলটো উগ্ৰপন্থী সংগঠনটোক ঘুৰাই নিদিয়া বাবে তাক দীৰ্ঘদিনৰ পৰা বিচাৰি আছিল ৷ শনিবাৰে হোৱা সংঘৰ্ষত আৰক্ষীৰ এচ আই টি গোটৰ আৰক্ষী অধীক্ষক আই পি এছ বিষয়া নৱদীপ সিং ব্ৰাৰৰ গাতো এটা গুলি লাগে ৷ ডিৰাঙত অভিযান চলোৱা সময়ত টাগ্যুঙে আৰক্ষীলৈ এটা পিস্তলেৰে গুলি চালনা কৰিছিল ৷ অৱশ্যে আৰক্ষী বিষয়াজনৰ বুলেট প্ৰুফ জেকেটত গুলি লগাত তেওঁ কোনো আঘাত নাপালে ৷

টাগ্যুঙ য়াংফোৰ বিৰুদ্ধে মুঠ ৯ টা অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছিল বিভিন্ন থানাত ৷ আনহাতে টাগ্যুঙৰ ডিৰাঙৰ বাসগৃহত চলোৱা তালাচীৰ সময়ত তাৰ ঘৰত বন্দুক নিৰ্মাণ কৰাৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ লগতে এটা ১২ ব'ৰৰ ৰাইফলো উদ্ধাৰ কৰিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in