মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিতে আদালতত গোচৰ চলি থকা অপৰাধীক প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছে দুধৰ্ষ গঁড় হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদানৰ তথ্যই ৰাজ্যৰ ৰাজনীতিৰ পথাৰত ধুমুহা সৃষ্টি কৰাৰ পিছতেই এইবাৰ পোহৰলৈ আহিছে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰদান কৰা প্ৰাৰ্থীৰ নমুনা৷

ৰাজ্যৰ শূণ্য সহনশীল দূৰ্নীতিৰ শ্ল'গান আওৰাই পৰিৱৰ্তনৰ সপোন দেখুওৱা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এজন দুধৰ্ষ অপৰাধীক৷ ৰাজ্যৰ জেষ্ঠ্য কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টিৰ অন্তৰ্গত বৰগাং জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জন জ্যোতি দাসৰ বিৰূদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ৷

বিগত ২০১২ চনৰ ১৫ জানুৱাৰী মাহৰ মাঘৰ বিহু দিনা নিশা বিহালীৰ টেলেঙনীয়া গাঁৱৰ দৰিদ্ৰ-অকিঞ্চন লক্ষ্যধৰ দাসৰ বাসগৃহটো সামান্য কথাতে নিজ হাতে অগ্নি সংযোগ কৰাত ব্যক্তিজনৰ বাসগৃহটো ভস্মীভূত হৈছিল। এই সন্দৰ্ভত বিহালী আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ১৪৭/১৪৮/১৪৯/৪৪৮/৪৩৬/৪২৭/৩২৩/৫০৬ ধাৰাত গোচৰ ৰুজু হোৱা লগতে বৰ্তমানেও মহামান্য বিশ্বনাথ চেচন আদলতত ৰঞ্জন জ্যোতি দাসৰ লগতে ৭ গৰাকী ব্যক্তিৰ বিপৰীতে বিচাৰ প্ৰক্ৰিযা অব্যাহত আছে৷

তেনে এক অপৰাধীক বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই নিজ গৃহ সমষ্টিৰ বৰগাং জিলা পৰিষদত প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূক্তভূগী লক্ষ্যধৰ দাসে৷

উল্লেখযোগ্য যে, বিগত ৬ বছৰে বিজেপি দলৰ বৰগাং জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ কৰ্মকাণ্ডৰ ফলত অঘৰী জীৱন কটাই আহিছে লক্ষ্যধৰ দাসে৷ ইপিনে, বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জন জ্যোতি দাসৰ গোচৰ সন্দৰ্ভত বিশ্বনাথ জিলা উপায়ুক্তৰ লগতে নিৰ্বাচনী বিষয়াক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰা অভিযোগ তুলিছে লোকজনে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in