নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতঃ আৰক্ষীয়ে বৃহস্পতিবাৰে ৫৩৬ বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰিব ১২খন চাৰ্জশ্বীট

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ নিজামুদ্দিম মাৰ্কাজৰ তবলিগি জামাতত অংশ লোৱা বিদেশী নাগৰিকসকলৰ বাবে আহিছে বেয়া খবৰ। বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বীট। তবলিগি জামাতত অংশ লোৱা ৫৩৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে চাকেট কোৰ্টত ১২খন চাৰ্জশ্বীট দাখিল কৰিব দিল্লী আৰক্ষীৰ অপৰাধ শাখাই।

ইতিমধ্যে আৰক্ষীয়ে ৩৭৪ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰিছে ৩৫ খন চাৰ্জশ্বীট। উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ ঘাটি হিচাপে চিহ্নিত হোৱা নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতত শতাধিক বিদেশী নাগৰিকে অনুমতি বিহীনভাৱে অংশ লৈছিল।

তেওঁলোকে ভাৰত ভ্ৰমণ কৰাৰ ভিছা লৈ ধৰ্মীয় অনুষ্ঠানত অংশ লৈছিল। যাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইফালে নিজামুদ্দিন মাৰ্কাজৰ পৰা কেবাগৰাকী লোকৰ দেহত অসমতো ধৰা পৰিছিল কোৰোনা ভাইৰাছ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in