মহানগৰীৰ বুধবাৰৰ বিস্ফোৰণ প্ৰসংগত এইবাৰ আৰক্ষীৰ জালত অভিনেত্ৰী, চাওক VIDEO

মহানগৰীৰ বুধবাৰৰ বিস্ফোৰণ প্ৰসংগত এইবাৰ আৰক্ষীৰ জালত অভিনেত্ৰী,  চাওক VIDEO
  • মহানগৰীৰ পাঞ্জাবাৰীত আৰক্ষীৰ অপৰাধ শাখাৰ জোৰদাৰ অভিযান।
  • পাঞ্জাবাৰীৰ নামঘৰ ৰোডৰ মছজিদ গলিৰ ১০ নং ঘৰত চলাই অভিযান।
  • বিগত ১০ দিন ধৰি ঘৰটোত ভাড়াতীয়া হিচাপে বাস কৰি আছিল জাহ্নৱী শইকীয়া নামৰ এগৰাকী টিভি অভিনেত্ৰী।
  • অভিযানকাৰী দলটোৱে ঘৰটোৰ পৰা প্ৰায় ৪৫ কেজি বিস্ফোৰক সামগ্ৰীৰ লগতে এটা ৯ এম এম পিষ্টল আৰু ২৫ জাই সজীৱ গুলী উদ্ধাৰ কৰা বুলি আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ।
  • অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো মন্তব্য সদৰি কৰা নাই আৰক্ষীৰ যুটীয়া আয়ুক্তই।
  • সন্ধিয়া পৰ্যন্ত অভিযান সন্দৰ্ভত বিতং তথ্য সংবাদ মাধ্যমক জনোৱা হ'ব বুলি মন্তব্য আৰক্ষীৰ।
  • অভিযানত যথেষ্ট অগ্ৰগতি লাভ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
  • আনফালে ১৫ মে'ৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰাণময় অসম নামৰ এগৰাকী আলোচনাপন্থী আলফা নেতাৰ লগতে জাহ্নৱী শইকীয়া আৰু আন এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে।
  • আটাইকেইজনকে চলাই থকা হৈছে জেৰা।
  • সংবাদ মাধ্যমৰ সন্মুখত ১৫ মে'ৰ বিস্ফোৰণৰ সৈতে জড়িত নহয় বুলি মন্তব্য অভিযুক্ত কেইজনৰ।
  • বাসগৃহটোত বহু সম ধৰি অব্যাহত থাকে তালাচী অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in