শেহতীয়া খবৰ
ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

কোভিড আক্ৰান্ত হ’ল ৱাশ্বিংটন সুন্দৰ…

ডিজিটে ডেস্কঃ কোভিড পজিটিভ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ যুৱ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে যোৱাৰ পূৰ্বেই ৱাশ্বিংটন সুন্দৰৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাত তেওঁৰ এই শৃংখলাত অংশগ্ৰহণক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ১৯ জানুৱাৰীৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া। ২২ বছৰীয়া ৱাশ্বিংটন সুন্দৰে ভাৰতীয় এদিনীয়া দলৰ আন খেলুৱৈসকলৰ সৈতে মুম্বাইৰ পৰা দক্ষিণ আফ্ৰিকালৈ যোৱাৰ কথা আছিল।

দীৰ্ঘদিন ধৰি আঘাতৰ সমস্যাত ভূগি থকা ৱাশ্বিংটন সুন্দৰে আঘাতৰ সমস্যাৰ বাবেই দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। বিগত বছৰত ইংলেণ্ডত কাউণ্টি-ইলেভেনৰ হৈ খেলি থকাৰ মাজতে সুন্দৰ আঘাতপ্ৰাপ্ত হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি