ক্ৰিকেটক কেতিয়া বিদায় দিব ধোনীয়ে! ক’লে নিজ মুখে…

ক্ৰিকেটক কেতিয়া বিদায় দিব ধোনীয়ে!  ক’লে নিজ মুখে…

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পাছৰে পৰা টীম ইণ্ডিয়াৰ পৰা আতৰি থকা ধোনীয়ে ক্ৰিকেটৰ পৰা সন্যাস লব নেকি! বহুতে বহু কথা আলোচনা কৰিলে। কিছুৱে ধোনীক পুনৰ খেলপথাৰলৈ আমন্ত্ৰণ জনোৱাৰ বিপৰীতে একাংশই ধোনীক অৱসৰৰ বাবে পৰামৰ্শয়ো প্ৰদান কৰিলে। এই সকলো বাক-বিণ্ডতা, আলাপ-আলোচনাক লৈ কোনোদিন মাত নমতা ধোনীয়ে অৱশেষত মুখ খুলিলে।

বুধবাৰে এক সংবাদমেলত ধোনীক অৱসৰক লৈ সোধা প্ৰশ্নৰ উত্তৰ দি কয় যে, এই বিষয়ত জানুৱাৰীৰ লৈকে মোক কোনো প্ৰশ্ন নকৰিব। মুম্বাইৰ এক অনুষ্ঠানত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নত অতি সৰলভাৱে ধোনীয়ে এই উত্তৰ প্ৰদান কৰে।

উল্লেখ্য যে, বিশ্বকাপত নিউজিলেণ্ডৰ সৈতে হোৱা মেচখনতে শেষবাৰৰ বাবে খেলপথাৰত দেখা গৈছিল ধোনীক। ইয়াৰ পাছৰে পৰা ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা মেচত ধোনী নাছিল টীম ইণ্ডিয়াত। চলিত বৰ্ষৰ ৬ ডিচেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব লগা খেলখনতো টীম ইণ্ডিয়াত নাথাকে ধোনী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in