আজি ধোনীয়ে ল’ব নেকি অৱসৰ…

আজি ধোনীয়ে ল’ব নেকি অৱসৰ…

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক 'কেপ্তেইন কুল' মহেন্দ্ৰ সিং ধোনীয়ে দেওবাৰে কৰিব পাৰে এদিনীয়া ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ ঘোষণা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে ধোনীৰ একাংশ ঘনিষ্ঠই সদৰী কৰিছে এই কথা। অৱসৰ ঘোষণা কৰে নে নকৰে এই কথা একেবাৰে থিৰাং নহয় যদিও দেওবাৰৰ দিনটোত যদিহে ধোনীয়ে এই ঘোষণা কৰে তেন্তে কোটি কোটি অনুৰাগীৰ বাবে এই দিনটো হব অতিকৈ দুখজনক দিন।

দৰাচলতে অহা ২৪ জানুৱাৰীৰ পৰা ভাৰত যাব নিউজিলেণ্ডলৈ। বিদেশৰ মাটিত ৮ খনকৈ মেচ খেলিব টীম ইণ্ডিয়াই। ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হবলগা এই মেচৰ বাবে দেওবাৰে ঘোষণা হ'ব টীম ইণ্ডিয়াৰ সদস্যসকলৰ নাম।

বছৰৰ প্ৰথমটো বিদেশ যাত্ৰাত টীম ইণ্ডিয়াত ধোনীৰ নাম থাকে নে নাই, তাক লৈ এতিয়া ভীষণ চৰ্চা। ইফালে এই চৰ্চাক কেন্দ্ৰ কৰিয়ে কিছুদিনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছিল যে, ভাৰতীয় ক্ৰিকেট দলৰ অনুভৱী উইকেটকীপাৰ- বেটছমেন ধোনীয়ে অচিৰেই এদিনীয়া খেলৰ পৰা লব পাৰে সন্যাস।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in