দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা…

দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা…

ডিজিটেল ডেস্কঃ ম'হালীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ ত ৭ উইকেটত বিজয় সাব্যস্ত কৰে টীম ইণ্ডিয়াই। টছত জিকি প্ৰথমে বিদেশী দলটোক বেটিংৰ বাবে আমন্ত্ৰণ জনাইছিল টীম ইণ্ডিয়াই। নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে ১৪৯ ৰান।

১৫০ ৰাণৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা টীম ইণ্ডিয়াই ১৯ অভাৰতে ৩ টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। অধিনায়ক বিৰাট কোহলীয়ে খেলখনত ৭২ ৰান কৰি অপৰাজিত হৈ ৰয়। ইয়াৰ বিপৰীতে শিখৰ ধৱনৰ প্ৰদৰ্শনো আছিল আকৰ্ষণীয়। খেলখনত শিখৰ ধৱনে সংগ্ৰহ কৰে ৪০ ৰান। এই জয়ৰ সৈতে চলিত টি-২০ শৃংখলাত ১-০ অগ্ৰগতি লাভ কৰিছে টীম ইণ্ডিয়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in